নৱজ্যোতি বৰুৱা

চামগুৰি

২৮ আগষ্ট

দুৰ্নীতিত পোত গৈছে নেকি অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ কাৰ্যালয়? অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ কাৰ্যালয় দুৰ্নীতিত পোত যোৱাৰ অভিযোগ লৈয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা শাখাই চামগুৰিৰ শালনাত সম্বোধন কৰিলে এখন সংবাদমেল। তদানীন্তন সভাপতি গৰাকীৰ লগতে বৰ্তমান সভাপতি আৰু সম্পাদকৰ পৃষ্ঠপোষকতাত শালনাস্থিত অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি সীমাহীন দুৰ্নীতি চলি আহিছে বুলি সংবাদ মেলখনত উল্লেখ কৰে আটছাৰ নেতৃত্বয়ে।

সমাগত নগাঁও জিলাৰ চাহ বাগিচা সমূহ বনাচ দিয়া সময়, কিন্তু এই সময়খিনিতো অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ কাৰ্যালয়টোলৈ অহাত নিতৌ অনিয়মীয়া সভাপতি বিনয় কুমাৰ ৰবিদাস আৰু সম্পাদক সুখদেৱ নায়কৰ। নগাঁও জিলাৰ সৰ্ৱমুঠ ৪২খন চাহ বাগিছাৰ প্ৰায় ২২ হাজাৰ স্থায়ী শ্ৰমিকে প্ৰতিমাহে দুটকাকৈ বৰঙণি সংঘলৈ আগবঢ়াই আহিছে যদিও অতি ৰহস্যজনক ভাৱে নগাঁও জিলা শাখাৰ সংঘ কাৰ্যালয়ৰ বিদ্যুৎ বিল মুঠ ৫২ হাজাৰ টকা পৰিশোধ নকৰাত দীৰ্ঘদিন ধৰি অন্ধকাৰত থাকিব লগীয়া হৈছে কার্যলায়টো। ইয়াৰ সমান্তৰালে বিগত ১৫ বছৰ কার্যলায়ৰ খাজনা পৰিশোধ নকৰা, কার্যলায়ৰ কম্পিউটাৰ আৰু এখন বাহন হৰলুকি কাৰণ বিষয় ৰাজহুৱা কৰিবলৈ সংবাদমেলখনৰ জৰিয়তে আহ্বান জনালে আটছায়ে।

ইফালে নগাঁও জিলাৰ সংঘ কাৰ্যালয়টোত বৰ্তমান সভাপতি আৰু সম্পাদকৰ লগতে বিশেষকৈ বিগত বহু বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি যোৱা প্ৰাক্তন সভাপতি বিন্দু গঞ্জুৰ নেতৃত্বতেই পাহাৰসম দুৰ্নীতি সংঘটিত হৈ অহাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে আটছাৰ নেতৃত্বই। শেহতীয়াকৈ নগাঁও শাখা সংঘৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে ২১জনীয়া কমিটিয়ে অনাস্থা অনাৰ পত্ৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰাৰ পিছতো বিন্দু গঞ্জুৰ কথামতে কেন্দ্ৰীয় সমিতিয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক কেন্দ্ৰ কৰি চুড়ান্ত ক্ষোভ প্ৰকাশ কৰে আটছাই। কেৱল তৃতীয় শ্ৰেণীলৈকে পঢ়া বিন্দু গঞ্জুৱে কেনেকৈ অসম চাহ মজদুৰ সংঘৰ উপ-সভাপতিৰ দৰে এক সন্মানীয় পদত অধিষ্ঠিত হৈ আছে সেইয়া এক অতিশয় লজ্জাজনক বুলি সংবাদমেলখনত সদৰি কৰিলে আটছাৰ নেতৃত্বই।

আনহাতে সংঘৰ বিতৰ্কিত প্ৰাক্তন সভাপতি বিন্দু গঞ্জুক নগাঁও জিলাৰ বহুকেইখন চাহ বাগিচাৰ পৰা এতিয়াও শ্ৰমিকৰ মাহেকীয়া বৰঙণিৰ ধন অনাধিকাৰে সংগ্ৰহ কৰাৰ অনুমতি কোনে প্ৰদান কৰিলে বুলি এক প্ৰশ্ন আটছাই উত্থাপন কৰিলে সংঘৰ কেন্দ্ৰীয় সমিতিৰ ওচৰত। উল্লেখযোগ্য যে, আটছাৰ নগাঁও জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ নাইকে সংবাদমেলখনত স্পষ্ট কৰিলে যে, নগাঁও জিলাৰ বিভিন্ন চাহ বাগিচাৰ পৰা সংগৃহীত শ্ৰমিকৰ বৰঙণিৰ এটা মোটা অংশ দীৰ্ঘদিন ধৰি আত্মসাৎ কৰাৰ বহু অভিযোগ আছে নগাঁও চাহ মজদুৰ সংঘৰ প্ৰাক্তন সভাপতি বিন্দু গঞ্জুসহ সংঘৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে।

সংবাদমেলখনৰ জৰিয়তে মহেন্দ্ৰ নাইকে বিশেষভভাৱে দাবী জনাই যে, কেইবছৰমান পূৰ্বে সংঘৰ নগাঁও জিলা শাখাৰ সাধাৰণ সম্পাদক নিৰঞ্জন পাত্ৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সৈতে প্ৰকৃততে কোন জড়িত আছিল ইয়াৰ এক নিৰপেক্ষ তদন্তৰ বাবে গোচৰটো শীঘ্ৰে চৰকাৰে চি বি আইক প্ৰদানৰ বাবে দাবী জনায়। সংঘৰ নগাঁও জিলা শাখা সমিতিত চহ শ্ৰমিক ৰাইজৰ মাজৰ পৰা নৱ প্ৰজন্মৰ যুৱকসকলক অন্তৰ্ভুক্ত কৰাই সংঘৰ নগাঁও জিলা শাখাৰ কামকাজ পৰৱৰ্তী সময়ত সুস্থিৰভাৱে আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিবলৈ আটছাৰ নগাঁও জিলা নেতৃত্বই সংবাদমেলখনৰ জৰিয়তে আহ্বান জনাই অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় কমিটিক।