জোনমণি বেগম
বিশ্বনাথ
২১ মাৰ্চ
বিহালী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অঞ্জন উপাধ্যায়ে বিহালী সমষ্টিত তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন থাকোতে বিহালী সমষ্টিৰ নিৰ্বাচনী যুঁজখন আকৰ্ষনীয় হৈ পৰিছে।এফালে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত, আনফালে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী বিবেক দাস। এই দুগৰাকী প্ৰাৰ্থীৰ মাজত আছে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰা আৰু অসম জাতীয় পৰিষদৰ অঞ্জন উপাধ্যায়।
সমষ্টিটোত টিকট লাভ কৰা প্ৰাৰ্থী সকলে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্রতৰ কৰি তোলাৰ মাজতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অঞ্জন উপাধ্যায়ে বিহালীৰ কুঁহীয়াৰবাৰিত দোকানে দোকানে গৈ ভোট ভিক্ষা কৰাৰ লগতে বিহালী সমষ্টিৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাও অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। আনহাতে প্ৰাৰ্থী গৰাকীয়ে বিহালী সমষ্টিৰ ৰাইজৰ পৰা যথেষ্ট সহাৰি লাভ কৰা বুলি উল্লেখ কৰি কয় যে বিহালীত বিগত সময়ত যি ধৰণে উন্নয়ণ হ’ব লাগিছিল সেই ধৰণে উন্নয়ন হোৱা নাই। প্ৰাৰ্থী গৰাকীয়ে লগতে উল্লেখ কৰে যে বিহালীত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে চাহপাতৰ উচিত মূল্য পোৱা নাই।
বিহালীৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক প্ৰাৰ্থী গৰাকীয়ে উচিত মুল্য প্ৰদান কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বিহালীক এক পৰ্যাটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। আনহাতে সোমবাৰে বিহালী সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিহালীত উপস্থিত হ’ব লুৰীণ জ্যোতি গগৈ।