শিমলুগুৰি, ২৭ অক্টোবৰঃ বৃহত্তৰ নাগালিমক লৈ সৰ্বত্তে তীব্ৰ প্ৰতিক্ৰিয়া চলি থকা সময়তে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত নাগা বিদ্ৰোহী সংগঠন এনএছচিএন (আই এম)ৰ উপদ্ৰৱ অব্যাহত আছে ৷ শিৱসাগৰ জিলাৰ নাজিৰাৰ অসম নাগালেণ্ড সীমান্তবৰ্তী বিহুবৰ ঔগুৰি জানত নাগালেণ্ডৰ অন্তৰ্ভুক্ত কৰি অঞ্চলটোত বসবাস কৰা বাসিন্দা তথা সৰু বৰ ব্যৱসায়ীলৈ নাগা বিদ্ৰোহী সংগঠনটোৱে বছৰেকীয়া কৰ সংগ্ৰহৰ দাবী পত্ৰ প্ৰেৰণ কৰিছে। OFFICE OF THE RAZOU PIYU WANGYONG RANG(GPRN)ৰ পত্ৰত প্ৰতিঘৰ বাসিন্দাৰ পৰা ৫০০ টকা, প্ৰতিটো ৱৰ্কছপৰ পৰা ২,০০০ টকা, সৰু পাণ দোকানৰ পৰা ৫০০ টকা, সাধাৰণ দোকানৰ পৰা ৩,০০০ টকা আৰু হোটেলৰ পৰা ৫,০০০ টকা ২৭ অক্টোবৰৰ আগত জমা দিবলৈ এনএছচিএন (আই এম) দাবী কৰিছে। উল্লেখ্য যে একাংশ নগা দুষ্কৃতিকাৰীয়ে সীমান্তবৰ্তী বিহুবৰ ঔগুৰি জানত চাহ বাগিচা কাটি তহিলং কৰাৰ লগতে চাহ গছ সমুহত অগ্নি সংযোগ কৰি সন্ত্ৰাস চলাই আহিছে। স্থানীয় লোক তথা দল সংগঠনে আধা ইঞ্চি মাতিও নাগালেণ্ডক এৰি নিদিয়াৰ হুংকাৰ দিছে।