গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰী: অহা ২ মাৰ্চৰ পৰা চতুৰ্দশ অসম বিধান সভাৰ ২০২০ চনৰ বাজেট অধিৱেশন আৰম্ভ হব। ২ মাৰ্চৰ পুৱা চৰকাৰী কার্যসূচীত অধ্যক্ষই বিধান সভাৰ ২০২০ চনৰ বাজেট অধিৱেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰিব। অধ্যক্ষই অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ ৯(১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা কৰিব। তাৰ পিছত অধ্যাদেশসমূহ, প্ৰতিবেদন, নিয়মাৱলী ইত্যাদি দাখিল কৰাৰ লগতে বিধান সভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদন উপস্থাপন কৰা হ’ব। ইয়াৰ লগতে চৰকাৰৰ বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্ৰস্তাৱ লোৱা হ’ব আৰু চৰকাৰী বিধেয়কসমূহ উপস্থাপন কৰি মৃত্যু প্ৰসঙ্গৰে দিনটোৰ সামৰণি পৰিব।

৩ মাৰ্চত বে-চৰকাৰী সদস্যৰ কার্যসূচীত বিধেয়কসমূহ, সংকল্প প্ৰস্তাৱ, বিশেষ প্ৰস্তাৱ আৰু প্ৰস্তাৱ থাকিব। ৪ মাৰ্চৰ চৰকাৰী কার্যসূচীত অসম চৰকাৰ ২০২০-২০২১ চনৰ বছৰটোৰ বাবে বাৰ্ষিক বিত্তীয় প্ৰ-বিবৰণী (প্ৰাককলিত বাজেট) উপস্থান কৰা হ’ব। ৫ আৰু ৬ মাৰ্চত বাজেটৰ ওপৰত সাধাৰণ আলোচনা অনুষ্ঠিত হ’ব। আনহাতে ৭ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ বিভাগীয়ভাৱে সম্পৰ্কিত স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে অধিবেশনত জিৰণি থাকিব।

২০ মাৰ্চত পুনৰ অধিৱেশনৰ চৰকাৰী কার্যসূচীত বিভাগীয়ভাৱে সম্পৰ্কিত স্থায়ী সমিতিসমূহৰ প্ৰতিবেদন দাখিল কৰাৰ লগতে মঞ্জুৰীৰ বাবে দাবিসমূহৰ ওপৰত ভোটদান অনুষ্ঠিত হ’ব। এই ভোটদান কাৰ্যসূচী ২১ আৰু ২২ মাৰ্চতো চলিব। ২৪ মাৰ্চত থাকিব বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী।

চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ কৰা হ’ব ২৫ আৰু ২৬ মাৰ্চত। ইয়াৰোপৰি ২৬ মাৰ্চত আন যিকোনো অসমাপ্ত চৰকাৰী কাৰ্যসূচী লোৱা হ’ব। অধিৱেশনৰ অন্তিম দিন ২৭ মাৰ্চত থাকিব অধ্যক্ষৰ উদ্যোগ আৰু তাৰ পিছতেই অধিৱেশন অনিদিষ্ট কালৰ বাবে স্থগিত ৰখা হ’ব।