দূধনৈ

১৭ অক্টোবৰ

আগন্তুক ২০২১ বর্ষৰ অসম বিধানসভা নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিবলৈ ইতিমধ্যে ৰাষ্ট্ৰীয় তথা আঞ্চলিক ৰাজনৈতিক দল সমুহে উঠি পৰি লাগিছে ৰণ কৌশল প্ৰস্তুত কৰাত। এনে প্ৰেক্ষাপটত গোৱালপাৰা জিলাৰ দূধনৈ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সম্ভাব্য প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাও অসম-মেঘালয় সীমান্তৱৰ্তী পাহাৰীয়া অঞ্চলসমূহৰ গাৰো জনজাতীয় লোকসকলৰ সৈতে মিলিত হৈ মত বিনিময় কৰিছে বিভিন্ন ৰাজনৈতিক দিশৰ ওপৰত।

এই প্ৰসংগতে প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি কয় যে ধাৰত পোত যোৱা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে বৰ্তমান চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বিক্ৰী কৰি দেশখন চলাই আছে। এনে প্ৰেক্ষাপটত বিজেপি দলটোৱে জনসাধাৰণৰ কাৰণে অতিকৈ ক্ষতিকাৰক সেয়ে ৰাইজে বিজেপিক পৰিহাৰ কৰি কংগ্ৰেছ দলক সমৰ্থন দি চৰকাৰ গঠনত সহযোগিতা কৰাৰ লগতে দেশৰ সম্পদবোৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত অগ্ৰগনি ভুমিকা ল’ব লাগে। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন কেৱল হিন্দু সকলকহে প্ৰাধান্য দিয়ে। সেয়েহে চৰকাৰখনে গাৰো সকলৰ বাবে একো নকৰিলে। অসমত বাস কৰা গাৰোসকলে তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ বাবে গাৰো স্বায়ত্তশাসিত পৰিষদ বিচাৰি আছিল কিন্তু সেই দাবী বিজেপি চৰকাৰখনে পূৰণ নকৰিব বুলি প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰণয় ৰাভাই। দিনযোৰা কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপজাতি বিভাগৰ আহ্বায়ক ছুনিট পি. মাৰাক, গোৱালপাৰা জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক মুকুল ৰাভা, কৃষ্ণাই ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি দিলীপ ঘোষ আৰু জিৰা গাঁও পঞ্চায়তৰ মণ্ডল সভাপতি ব্ৰেনাৰফিল্ড মাৰাক।

সজাতি দলটোৱে অসম মেঘালয় সীমান্তৱৰ্তী অসমৰ দূধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত টোৰেংথোপ, খাৰডাং সৰকপাৰা, গ্ৰিণ’গ্ৰে, পাহামপাৰা ডাবলি আদি অঞ্চল ভ্ৰমণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে।