গুৱাহাটী, সংবাদ ৩৬৫, ২০ জুনঃ ৰাকেশ পালৰ বজাৰৰ পৰা চাকৰি ক্ৰয় কৰি সম্প্ৰীতি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এ পি এছ আৰু এ চি এছ বিষয়া সকলৰ ভিতৰত ১৩ গৰাকীকৈ এ চি এছ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে৷ অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ পৰা টকাৰ বিনিময়ত চাকৰি লোৱা অভিযুক্ত সকলৰ তালিকাত থকা এই বিষয়াসকলক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। চাকৰিৰ পৰা বৰ্খাস্ত হোৱা বিষয়াকেইজন হ’ল ৰুমী শইকীয়া, বদৰুল ইছলাম চৌধুৰী, অনিৰুদ্ধ ৰয়, দেবজিৎ বৰা, দীপক খনিকৰ, দৈথুন বৰগয়াৰী, গীতালি দলে, হিমাংশু চৌধুৰী, কমল দেবনাথ, কুনাল দাস, নিশামণি ডেকা, পল্লবী শৰ্মা চৌধুৰী, ৰাজশ্ৰী সেন ডেকা৷