নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ মে’ : এক ভয়ংকৰ দুৰ্ঘটনা । অৱতৰণৰ সময়তে জ্বলি উঠিল যাত্ৰীবাহী বিমান । ৰাছিয়ান এৰ’ফ্লটৰ চুখয় চুপাৰজেট ১০০ মস্কোৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলৈ ক্ৰমাৎ নিম্নমুখী হওঁতেই সমগ্ৰ বিমানখন এক বৃহৎ অগ্নিপিণ্ডই ঢাকি ধৰে । জ্বলন্ত বিমানখন বিমানবন্দত অৱতৰণ কৰাৰ লগে লগে সমগ্ৰ কলা ধোঁৱাই আৱৰি ধৰে মস্কোৰ বিমানবন্দৰ।

মাত্ৰ কেইটামান ছেকেণ্ডতে জুই আৰু ধোঁৱাৰ লগত মিলি গল ৪১জনৰ জীৱন। প্ৰাপ্ত খবৰ অনুসৰি বিমানখনত আছিল মুঠ ৭৮ জন যাত্ৰী। দুৰ্ঘটনাত মৃত্যু হোৱা ৪১ জন যাত্রীৰ মাজত আছে দুটি কণমানি শিশু।

ৰাছিয়াৰ সংবাদমাধ্যমৰ মতে বিমানখনে শ্বেৰ মেটিয়াও বিমান ঘাটিৰ পৰা উৰিছিল আৰু টেক অফৰ সময়ত কিছু বিজুতিৰ বাবে বিমানখন লেণ্ড কৰোৱাত ব্যৰ্থ হয় পাইলট । দ্বিতীয়বাৰ চেষ্টা কৰোতে বিমানখনৰ চেষ্টা কৰোঁতে বিমানখনৰ লেণ্ডিং গিয়াৰ আৰু আগৰ অংশ মাটিত খুন্দা খাই পছন্দ জোৰত জ্বলি উঠে।