গুৱাহাটী

৫ ছেপ্টেম্বৰ

ডিব্ৰুগড়ৰ শিশু নিৰ্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি বিগত তিনিদিন ধৰি উত্তাল হৈ আছে ডিব্ৰুগড় জিলা। বিভিন্ন দল-সংগঠনে দাবী জনাই আহিছে শিশু নিৰ্যাতনকাৰীৰ ঘটনাৰ মূল অভিযুক্তৰ গ্ৰেপ্তাৰ। পলাতক অৱস্থাত থকা নিৰ্যাতনকাৰী অৱশেষত জালত পৰিল আৰক্ষীৰ।

মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰ আৰু চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত বিগত তিনিদিন ধৰি উত্তাল হৈ আছে ডিব্ৰুগড় জিলা। ডিব্ৰুগড়ৰৰ মিলন নগৰত এটি ১২ বছৰীয়া বনকৰা শিশুক অমানুষিক নিৰ্যাতন চলোৱা কাণ্ডৰ মূল অভিযুক্ত চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰী আৰু চিকিৎসক গৰাকীৰ পত্নী তথা মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে শনিবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মৰাণ মহাবিদ্যালয় গোটে মৰাণ নগৰৰ মাজমজিয়াত প্ৰতিবাদী সমদল উলিয়াই মৰাণ নগৰৰ ট্ৰেফিক তিনিআলিত অধ্যক্ষা ড° মিতালী কোঁৱৰ আৰু চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰীৰ প্ৰতিকৃতি দাহ কৰে। মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰে এগৰাকী ১২ বছৰীয়া শিশুক বনকৰা কামত নিয়োগ কৰা বিষয়টোকলৈ সৰৱ হৈ উঠে প্ৰতিবাদকাৰীসকলে। ৰাইজ আৰু দল-সংগঠনৰ প্ৰতিবাদৰ মাজতে অৱশেষত গুৱাহাটী মহানগৰীত শনিবাৰে নিশা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ শিশু নিৰ্যাতনকাৰী ড° মিতালী কোঁৱৰ আৰু সিদ্ধি প্ৰসাদ দেউৰীক। গুৱাহাটীৰ পৰা উজনি অসমলৈ যাত্ৰাৰ পথত নগাঁও আৰক্ষীয়ে ৰহাত গ্ৰেপ্তাৰ কৰে দুয়োকে।

উল্লেখ্য যে, অসম চিকিৎসা মহাবিদ্যালয়ৰ জেষ্ঠ চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰৰ বাসগৃহত বনকৰা হিচাপে নিয়োজিত হৈ থকা এগৰাকী ১২ বছৰীয়া শিশুৰ শৰীৰত ড° মিতালী কোঁৱৰৰ চিকিৎসক স্বামী সিদ্ধি প্ৰসাদ দেউৰীয়ে উতলা পানী ঢালি অমানুষিক নিৰ্যাতন চিলাইছিক। ঘটনা সংক্ৰান্তত গোচৰ ৰুজু হোৱাত আৰক্ষীয়ে চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰীৰ কন্যা উপাসনা দেউৰী আৰু পুত্ৰ প্ৰিয়াংশু দেউৰী লগতে প্ৰিয়াংশু দেউৰীৰ বন্ধু কুনাল সেনাপতিক গ্ৰেপ্তাৰ কৰিছে যদিও ঘটনাৰ মূল অভিযুক্ত ড° মিতালী কোঁৱৰ আৰু চিকিৎসক সিদ্ধি প্ৰসাদ দেউৰী পলাতক অৱস্থাত আছিল।