গোলাঘাট, সংবাদ ৩৬৫, ১৩ মাৰ্চ: নুমলীগড় শোধানাগাৰে গোলাঘাট জিলাৰ দেওপাহাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি হাতী কৰিডৰৰ ওপৰত নিৰ্মান কৰা পকী দেৱালখন মঙলবাৰে সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশ মৰ্মে ভাঙি পেলোৱা হয়। গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশ মৰ্মে নুমলীগড় শোধানাগাৰে হাতী কৰিডৰ ওপৰত অবৈধ ভাৱে নিৰ্মান কৰা পকী দেৱালখন ভাঙি পুনৰ হাতীৰ বাবে মুকলি কৰি দিয়ে। ২০১৪ চনৰ ২৪ আগষ্টত সেউজ ন্যায়াধীকৰণে গোলাঘাট জিলা প্ৰশাসনক দেওপাহাৰ সংৰক্ষিত বনাঞ্চল বেদখল মুক্ত কৰিবলৈ ৰায় দিছিল আৰু এই ৰায় অনুসৰি গোলাঘাট জিলা প্ৰশাসনে দীৰ্ঘদিন জৰীপ চলাই মঙলবাৰে দেওপাহাৰ সংৰক্ষিত বনাঞ্চল বেদখল মুক্ত কৰাৰ বাবে অভিযান চলায়। গোলাঘাট জিলা প্ৰশাসনে দেওপাহাৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় এক হেক্টৰ ভূমি অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰে। দেওপাহাৰ সংৰক্ষিত বনাঞ্চল বেদখল মুক্ত অভিযানৰ সময়ত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া আৰু বন বিভাগৰ বিষয়াই নুমলীগড় শোধানাগাৰে হাতী কৰিডৰ ওপৰত অবৈধ ভাৱে নিৰ্মান কৰা পকী দেৱালখন এক্সাভেটৰ লগাই ভাঙি পেলাই। উল্লেখ্য যে, নুমলীগড় শোধানাগাৰে হাতী কৰিডৰ ওপৰত অবৈধ ভাবে পকী দেৱাল নিৰ্মান কৰাত বনাঞ্চলখনত থকা হাতীৰ জাক সমূহৰ স্বাভাৱিক গতিবিধিত বাধাৰ সৃষ্টি হৈছিল। শোধানাগাৰৰ এই অবৈধ দেৱালখনৰ বাবে বিভিন্ন সময়ত হাতীৰ জাক সমূহৰ স্বাভাৱিক গতিবিধিত বাধাৰ সৃষ্টি হোৱাত কাষৰীয়া গাঁও সমূহলৈ গৈ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। বিভিন্ন সময়ত এই অবৈধ দেৱালখনৰ বাবে বনৰীয়া হাতী মৃত্যুৰ মুখতো পৰিব লগা হৈছিল। নুমলীগড় শোধানাগাৰে নিৰ্মান কৰা এই অবৈধ দেৱালখন ভাঙি পেলাবলৈ বিভিন্ন সময়ত ৰাজ্যৰ প্ৰকৃতি প্ৰেমী লোক সকলেও মাত মাতি আহিছিল।