তেজপুৰ, সংবাদ ৩৬৫, ১২ ছেপ্টেম্বৰ:অৱশেষত শাস্তিৰ সন্মুখীন হল তেজপুৰ লালমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন বৰদলৈ । উল্লেখ্য যে তেজপুৰ লালমাটি আৰক্ষী চকীৰ অন্তৰ্গত হজৰা পাৰৰ এটা কোঠাৰ ভিতৰত দুগৰাকী ছাত্ৰী দুজন যুৱকৰ সৈতে অসংযত অৱস্থাত অনৈতিক কাৰ্য্যত লিপ্ত হৈ থাকোতে স্থানীয়ে ৰাইজে যুৱক যুৱতী কেইটাক আটক কৰি লালমাটি আৰক্ষী চকীত চমজাই দিছিল । পাছত আৰক্ষীয়ে তেওঁলোকক নিজৰ জিম্মাত লৈ আৰক্ষী চকীত ৰখাত একাংশ যুৱক আহি আৰক্ষী চকীত প্ৰৱেশ কৰি লালমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক গোচৰটোৰ সম্পৰ্কত সোধ পোচ কৰি থকাৰ সময়তে যুৱকৰ দলটোৱে আৰক্ষীয়ে আটক কৰি অনা যুৱক কেইজনক মৰেল পুলিচিগিৰী দেখাই মাৰ পিট কৰে। পাছত আৰক্ষীয়ে সাধাাৰণ ভাবে বাধা দিয়ে যদিও যুবকৰ দলটোৱে নিজকে মৰেল পুলিচ গীৰি দেখুৱাই মাৰপিট কৰে । আৰক্ষী চকীৰ জনৈক বৰদলৈ ভাৰপ্ৰাপ্ৰ বিষয়া গৰাকীৰ নিজৰ চকুৰ সন্মুখত এনে দৰে মৰেল পুলিচ গীৰি কৰি মাৰপিট কৰাৰ পিছত আটকাধীন যুৱক কেইজনে আৰক্ষীৰ জিম্মাত প্ৰহৃত হৈ মাৰপিট কৰা যুৱকৰ দলটোক তেওলোকক মাৰি পেলাবলৈ চিঞৰি চিঞৰি আহ্বান জনায়। আৰক্ষীৰ জিম্মাত থকা আচামীক এনেদৰে মৰেল পুলিচৰ মাৰপিট কৰা ঘটনাই সৰ্বত্ৰে চৰ্চিত হৈছে। উক্ত বাতৰিটো চৰ্চিত হোৱাৰ পিছত শোনিতপুৰ আৰক্ষী অধীক্ষক পি পি সিঙে ঘটনা সন্দৰ্ভত লালমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন বৰদলৈক শাস্তিমুলক ভাৱে ৰিজাভ ক্লজ কৰি উপ আৰক্ষী অধীক্ষক স্বপন কুমাৰ সিঙক তদন্তৰ নিৰ্দেশ দি প্ৰতিবেদন দাখিলৰ বাবে আহ্বান জনাইছে ।