গুৱাহাটী, সংবাদ ৩৬৫, ১০ মে’ : অৱশেষৰ উদ্ধাৰ হ’ল দীপৰ বিলৰ হাতী পোৱালীটো । বৃহস্পতিবাৰে নিশা এটা বৃহৎ হাতীৰ জাকৰ সৈতে খাদ্যৰ সন্ধানত নামিছিল বনৰীয়া হাতীৰ জাকতো । কিন্তু দীপৰ বিলত থকা মেটেকাৰ মাজত সোমাই পৰে এই হাতীৰ পোৱালিটো ।

নিশাই পোৱালিটোৰ সৈতে হাতীৰ জাকতো পাহাৰলৈ যায় যদিও নিশাৰ পৰা শুক্ৰবাৰৰ গোটেই দিনতো দীপৰ বিলতে আৱদ্ধ হৈ আছিল হাতীৰ পোৱালিটো । হাতীৰ পোৱালিটোক উদ্ধাৰৰ বাবে শুক্ৰবাৰে ৰাতিপুৱাৰে পৰা বনবিভাগ,এন ডি আৰ এফ আৰু স্থানীয় লোকৰ সহযোগত শুক্ৰবাৰে সন্ধিয়া বিলৰ পৰা উদ্ধাৰ কৰি হাবিলৈ পঠিয়াই দিয়ে হাতীৰ পোৱালিটোক ।

ঘন্টা ঘন্টা ধৰি আৱদ্ধ হৈ পৰা হাতীটো এটা সময়ত কিছু পাৰলৈ আহিছিল যদিও এখন নাওত উঠি জনসমাগম দেখি পুনৰ উভতি গৈছিল মেটেকাৰ মাজলৈ ।