গুৱাহাটী, সংবাদ ৩৬৫, ৮ মাৰ্চ: সমগ্ৰ নাৰীৰ বাবে উচৰ্গা কৰা ৮ মাৰ্চৰ দিনটো হৈছে আন্তৰ্জাতিক নাৰী দিৱস। আজিৰ দিনটোতে মেলবৰ্ণত অনুষ্ঠিত হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত মহিলা আই চি চিৰ টি-২০বিশ্বকাপৰ ফাইনেল খেলখন। বতৰৰ অসুবিধাৰ বাবে পোনচাটে ফাইনেল খেলাৰ সুবিধা লাভ কৰা ভাৰাতীয়ে দলটোৰ লগতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰিছে অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলটোৱে।

আই চি চিৰ মহিলা টি-২০ বিশ্বকাপৰ প্ৰথম খেলখন অনুষ্ঠিত হৈছিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত, যিখন খেলত ভাৰতীয় দলৰ হাতত পৰাজয় বৰণ কৰিছিল অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলটোৱে। পূৰ্বতে অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলটোৱে ৪ বাৰকৈ দখল কৰিছে আই চি চিৰ মহিলা টি-২০ বিশ্বকাপৰ খিতাপ।

আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই অনুষ্ঠিত হোৱা খেলখন আৰম্ভ হৈছে ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২ বাজি ৩০ মিনিটৰ পৰা। ফাইনেল মেচখনৰ আৰম্ভণি কৰিব জনপ্ৰিয় কণ্ঠশিল্পী কেটী পেৰিয়ে।