নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ এপ্ৰিল : শনিবাৰে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত মেচত ১৬২ ৰাণৰ লক্ষ্যৰে ৰাজস্থান দলে মাত্ৰ ৭৭ ৰাণত তিনিটা উইকেট হেৰুৱাইছিল । পাছত অধিনায়ক ষ্টিভেন স্মিথৰ আকৰ্ষণীয় আৰু অসমৰ ১৭ বছৰীয়া ৰিয়ান পৰাগৰ বিস্ফোৰক বেটিঙৰ ফলত মুম্বাই ইণ্ডিয়ানছক ৭০ ৰাণ আৰু ৫ টা উইকেটত পৰাস্ত কৰে ।

ভিভ আই পি এলৰ উক্ত খেলখনত অসমীয়াৰ স্বাভিমান, অসমীয়াৰ গৌৰৱ গামোচা লৈ খেল খেলা ৰিয়ান পৰাগলৈ ষ্টাইলিষ্ট প্লেয়াৰ অফ দ্য মেচ সন্মান প্ৰদান কৰা হয়।

উল্লেখ্য যে প্ৰাক্তন ক্রিকেটাৰ পৰাগ দাস আৰু সন্তৰণবিদ মিঠু বৰুৱাৰ পুত্ৰ ৰিয়ানৰ আই পি এলত এইখন আছিল দ্বিতীয়খন মেচ। আই পি এলৰ ইতিহাসত স্পীডষ্টাৰ আবু নেচিমৰ পাছতে দ্বিতীয়জন অসমীয়া খেলুৱৈ হিচাপে অংশ গ্ৰহণৰ সুযোগ লাভ কৰিছে।

ইফালে ৰিয়ানৰ সুন্দৰ প্ৰদৰ্শনত অভিভূত হৈ পৰিছে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ষ্টিভেন স্মিথ।