বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰে যিমানেই কৰ্মচাৰী সকলক সঠিক সময়ত উপস্থিত হৈ ৰাইজক সেৱা প্ৰদান কৰি কাৰ্যালয় সমূহত এক সুস্থ কৰ্মসংস্কৃতিৰ পৰিবেশ গঢ়ি তুলিবলৈ আহ্বান নজনাওঁক কিয় এই আহ্বান অসাৰ প্ৰতিপন্ন হোৱা পৰিলক্ষিত হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ কাৰ্যালয়ত। প্ৰাপ্ত তথ্য মতে উক্ত উন্নয়ন খণ্ডটোত দীৰ্ঘদিন ধৰি বিষয়া কৰ্মচাৰীৰ উপস্থিতি অনিয়মীয়া বুলি ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ কৰাৰ লগতে কৰ্মচাৰী সকলক সময়মতে কাৰ্যালয়ত উপস্থিত হবলৈ বাৰাম্বাৰ অনুৰোধ জনাই অহা স্বত্বেও সোমবাৰে দিনৰ ১২ বজালৈকে এজনো বিষয়া কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত নোহোৱাত আক্ৰাছূ আৰু স্থানীয় ৰাইজ ক্ষোভিত হৈ উন্নয়ন খণ্ডটোৰ কাৰ্যালয়ত তলা লগাই বৰঘোলা আৰক্ষী চকীত তলৰ চাবি জমা দিয়ে। উল্লেখ্য যে, উক্ত উন্নয়ন খণ্ডটোৰ অন্তৰ্গত অতি ভিতৰুৱা গ্ৰমাঞ্চলৰ সৰ্বসাধাৰণ ৰাইজ ৰাজহুৱা অথবা ব্যক্তিগত কামত উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ আহি বিষয়া কৰ্মচাৰীৰ অনুপস্থিতিৰ বাবে প্ৰায়েই বিফল হৈ ওভটি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ তোলে। উন্নয়ন খণ্ডটোত দীৰ্ঘদিন ধৰি স্থায়ীভাৱে খণ্ড উন্নয়ন বিষয়াক নিযুক্তি নিদিয়াকৈ চলি থকাৰ ফলত উন্নয়ন খণ্ডটোৰ উন্নয়নৰ কাম কাজ প্ৰায়েই স্থবিৰ হৈ পৰা বুলিও অঞ্চলটোৰ সচেতন ৰাইজে প্ৰকাশ কৰে। কিছুদিনৰ আগত সহকাৰী আয়ুক্ত বনশ্ৰী ডেকাক উন্নয়ন খণ্ডটোত খণ্ড উন্নয়ন বিষয়া হিচাপে নিযুক্তি দিয়া হয় যদিও বনশ্ৰী ডেকাৰ উপস্থিতি অনিয়মীয়া হোৱাৰ ফলত কৰ্মচাৰী সকলেও কাৰ্যালয়ত প্ৰায়েই সময়মতে উপস্থিত নহৈ ৰাইজৰ কাম কাজৰ পিনে পিঠি দি ঘৰতে বহি চৰকাৰৰ দৰমহা ভোগ কৰি থাকে। এই সমগ্র বিষয়বোৰত অতি সোনকালে উৰ্ধতম কৰ্তৃপক্ষৰ হস্তক্ষেপ বিছৰাৰ লগতে উন্নয়ন খণ্ডটোত স্থায়ীভাৱে খণ্ড উন্নয়ন বিষয়াক নিযুক্তি দিয়া আৰু কৰ্মচাৰীৰ উপস্থিতি নিয়মীয়া কৰাৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি আক্ৰাছূ আৰু স্থানীয় ৰাইজে দাবী জনাইছে।