গুৱাহাটী
২৫ মাৰ্চ

অংগন্তক অসম বিধানসভা নির্বাচনত ভােটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ২,৩৩,৭৪,০৮৭ গৰাকী সাধাৰণ ভােটাৰৰ নাম ভোটাৰ তালিকাত তালিকাভুক্ত কৰা হৈছে। ২,৩৩,৭৪,০৮৭ গৰাকী ভোটাৰৰ ভিতৰত আছে ১,১৮,২৩,২৮৬ গৰাকী পুৰুষ, ১,১৫,৫০,৪০৩ গৰাকী মহিলা আৰু ৩৯৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। ইয়াৰ উপৰিও ৰাজ্যত আছে ৬৩,০৭৪ গৰাকী ছাৰ্ভিছ ভােটাৰ।

অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ৮১,০৯,৮১৫ গৰাকী ভোটাৰৰ ভিতৰত আছে ৪০,৭৭,২১০ গৰাকী পুৰুষ, ৪০,৩২,৪৮১ গৰাকী মহিলা আৰু ১২৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ, ১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰৰ ভিতৰত আছে ৩৭,৩৪,৫৩৭ গৰাকী পুৰুষ, ৩৬,০৯,৯৫৯ গৰাকী মহিলা আৰু ১৩৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আনহাতে ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ৭৯,১৯,৬৪১ গৰাকী ভোটাৰৰ ভিতৰত ৪০,১১,৫৩৯ গৰাকী পুৰুষ, ৩৯,০৭,৯৬৩ গৰাকী মহিলা আৰু ১৩৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। প্রথম পর্যায়ত ভােট গ্রহণ হ’বলগীয়া ৪৭ টা সমষ্টিৰ ভিতৰত ৩,১১,৬৬০ গৰাকী ভােটদাতাৰে জোনাই সমষ্টিত আটাইতকৈ অধিক ভােটদাতা থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম ১,১৫,৩৬৪ গৰাকী ভােটদাতা আছে। সেইদৰে দ্বিতীয় পর্যায়ত ভােট গ্রহণ হ’বলগীয়া ৩৯ টা সমষ্টিৰ ভিতৰত ২,৬৫,৮৮৬ গৰাকী ভােটদাতাৰে হােজাই সমষ্টিত আটাইতকৈ অধিক ভােটদাতা থকাৰ বিপৰীতে হাওৰাঘাট সমষ্টিত আটাইতকৈ কম ১,৩২,৩৩৯গৰাকী ভােটদাতা আছে আৰু তৃতীয় পর্যায়ত ভােট গ্রহণ হ’বলগীয়া ৪০ টা সমষ্টিৰ ভিতৰত দিছপুৰ সমষ্টিত সর্বাধিক ৪,১১,৬৩৬গৰাকী ভােটদাতা থকাৰ বিপৰীতে ছাপাগুৰি সমষ্টিত সর্বনিম্ন ১,৫৯,২৫৭ গৰাকী ভােটদাতা আছে।

এইবাৰৰ নিৰ্বাচনত ১২৬ টা সমষ্টিৰ ভিতৰত দিছপুৰ সমষ্টিত সর্বাধিক ৪,১১,৬৩৬ গৰাকী আৰু থাওৰা সমষ্টিত সর্বনিম্ন ১,১৫,৩৬৪গৰাকী ভােটদাতা আছে। যােৱা ১৮ নৱেম্বৰ, ২০২০ৰ পৰা আৰম্ভ হােৱা বিশেষ সংক্ষিপ্ত সংশােধনীৰ যােগে যােৱা ১৯ মার্চ, ২০২১ লৈ এইবাৰৰ ভােটাৰ তালিকাত মুঠ ১২,৮১,৯১৮ গৰাকী ভােটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে। আনহাতে এইবাৰ ২,৮৯,৪৭৪ গৰাকী ৮০ বছৰৰ উৰ্দ্ধৰ ভােটাৰে ভােটাধিকাৰ সাব্যস্ত কৰিব। অহা নির্বাচনত অভিলেখসংখ্যক ভােটদান সুনিশ্চিত কৰিবলৈ নির্বাচন আয়ােগে বিশেষ ব্যৱস্থা হাতত লৈছে।