ধুবুৰী, সংবাদ ৩৬৫, ২ ফেব্ৰুৱাৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰত দুবৃত্তই আছুৰ কাৰ্য্যালয় জ্বলাই দিয়ক কেন্দ্ৰ কৰি শুক্ৰবাৰে গৌৰীপুৰত এক বিশাল প্ৰতিবাদী নাগৰিক সভাৰ আয়োজন কৰা হয়। সভাত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভৰ্ট্ট্চাজই কয় যে অসম  চৰকাৰ সম্পুৰ্নৰূপে ব্যৰ্থ হোৱাৰ ফলতে ৰাজ্যত এনে ধৰণৰ ঘটনা সংঘটিত হৈ আছে। ঘটনাস্থলীত এই পৰ্যন্ত কোনো এজন চৰকাৰী প্ৰতিনিধি উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে। এই ঘটনাৰ লগত জড়িত থকা প্ৰকৃত দুৰ্বৃত্তসকলক অতি শীঘ্ৰে আটক নকৰিলে তীব্ৰ আন্দোলনৰ ভাবুকী দিয়ে আছুৰ সভাপতি দীপংকৰ নাথ আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰই।সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰই আৰু কয় যে চৰকাৰে স্পষ্ট কৰক যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰা চাৰিজন ব্যাক্তি প্ৰকৃততে   দোষী হয় নে নহয়। নাগৰীক সভাত বিভিন্ন দল সংগঠনৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা আছুৰ প্ৰতিনিধীসকলৰ লগতে গৌৰীপুৰৰ জেষ্ঠ নাগৰীক আৰু ৰাইজ অংশগ্ৰহণ কৰি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে। উল্লেখ্য যে বৃহস্পতিবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰত থকা আছু কাৰ্য্যালয়ত অগ্নি সংযোগ কৰাৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে  পংকজ ৰায়, চন্দন ৰায়, সুৰজিৎ ৰায় আৰু পৰজিৎ ৰায় নামৰ চাৰিজন ব্যক্তিক আটক কৰিছে যদিও আটক কৰা ব্যক্তি চাৰিজন প্ৰকৃততে  দোষী হয় নে নহয় আৰক্ষীয়ে স্পষ্ট কৰা নাই।