আব্দুল হক

নগৰবেৰা 

৯ জুলাই

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বহু অভিলাষী আঁচনিয়ে ঢুকি পোৱা নাই গ্ৰাম্যাঞ্চল কিম্বা চৰাঞ্চলত।এম্বুলেঞ্চৰ অভাৱত গ্ৰাম্যাঞ্চল আৰু চৰাঞ্চলৰ লোকে ৰোগী কঢ়িয়াবলৈ আজিও ব্যৱহাৰ কৰে ঠেলা নতুবা সাঙি। পুনৰ আলোপতিৰ ৰাজপথত দেখা গ’ল সাঙি এম্বুলেঞ্চৰ এক দৃশ্য।

ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ বহু অভিলাষী আঁচনিৰ সুফল লাভ কৰা নাই গ্ৰাম্যাঞ্চল কিম্বা চৰাঞ্চলৰ লোকে। গ্ৰাম্যাঞ্চল আৰু চৰাঞ্চলৰ লোকে আজিও ৰোগী কঢ়িয়াবলৈ ব্যৱহাৰ কৰিবলগীয়া হয় সাঙি। ৰাজ্যৰ একাংশ গ্ৰাম্যাঞ্চল আৰু চৰাঞ্চলত এতিয়ালৈকে উপলব্ধ হোৱা নাই স্বাস্থ্য বিভাগৰ এম্বুলেঞ্চ সেৱা। বিশেষকৈ বৰপেটা জিলাৰ বিভিন্ন চৰাঞ্চলত এম্বুলেঞ্চ সেৱা নথকাৰ ফলত ৰাইজ ৰোগীক চিকিৎসালয়লৈ নিয়াৰ বাবে ব্যৱহাৰ কৰিব লগা হৈছে সাঙিৰ। বৃহস্পতিবাৰে পুনৰ জিলাখনৰ আলোপতিৰ ৰাজপথত দেখা গ’ল সাঙি এম্বুলেঞ্চ। এম্বুলেঞ্চৰ অভাৱত এগৰাকী ৰোগীক সাঙিৰে কঢ়িয়াই নিয়াৰ দৃশ্যই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে। এম্বুলেঞ্চ সেৱা নথকাৰ বাবে আলোপতিৰ খাটিয়ামাৰীৰ পৰা এগৰাকী মহিলা ৰোগীক সাঙিৰে চিকিৎসালয়লৈ কঢ়িয়াই নিব লগা হৈছে ৰাইজে। অতি বিপদসংকুল ভাৱে ৰাইজে প্ৰথমে ৰোগী গৰাকীক নাৱেৰে জলজলি নদী পাৰ কৰি সাঙিৰে কঢ়িয়াই নিয়ে চিকিৎসালয়লৈ। সাঙিৰে ৰোগী চিকিৎসালয়লৈ কঢ়িয়াই নিয়াৰ দৃশ্যবোৰ তেনেই সুলভ এই অঞ্চল সমুহত। বাট-পথৰ দুৰৱস্থাৰ লগতে স্বাস্থ্য বিভাগৰ এম্বুলেঞ্চ সেৱা উপলব্ধ নোহোৱাৰ বাবে এই অঞ্চল সমূহৰ লোকে ৰোগী এগৰাকীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত সন্মুখীন হ’বলগীয়া হয় বিভিন্ন সমস্যাৰ।

উল্লেখ্য যে, নগৰবেৰাৰ জলজলি নৈৰ ওপৰত দলং নথকাৰ বাবে যুগ যুগ ধৰি নদীখন পাৰা হোৱাৰ ক্ষেত্ৰত চৰম যাতনা ভোগ কৰিবলগীয়া হৈছে বৃহত্তৰ দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ লাখ লাখ জনসাধাৰণে। সাঙিৰে ৰোগী কঢ়িয়াই নিয়াৰ এই দৃশ্য সমুহে স্বাস্থ্য বিভাগৰ নগ্ন স্বৰূপ উদঙাই দিয়া নাই নে?