গুৱাহাটীৰ পৰা বিস্মিতা শৰ্মা, সংবাদ ৩৬৫, ৯ নৱেম্বৰ: আজিৰে পৰা চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত আৰম্ভ হয় ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা। ৯ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ২০ সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলা। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুস্থিত কৰা হয় গ্ৰন্থমেলাখনি। বন্তি প্ৰজ্জ্বলনেৰে গ্ৰন্থমেলাখনিৰ উদ্বোধনী কৰে বিশিষ্ট সাহিত্যিক য়েছে দৰছে থংচিয়ে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য্য আৰু ফেডাৰচন অফ পাব্লিচাৰ্চ এণ্ড বুক চেলাৰ্চ এছচিয়েচন ইণ্ডিয়াৰ উপ-সভাপতি মানস শইকীয়া।