নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰী: জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা ৪০ গৰাকী চি আৰ পি এফ জোৱানৰ স্মৃতিত আজি উন্মোচন কৰা হ’ব স্মাৰক। লেথপুৰা কেম্পত পুলৱামাৰ শ্বহীদ সকলৰ স্মৃতিত নির্মাণ কৰা স্মাৰক উন্মোচন কৰা হ’ব।

২০১৯ বর্ষৰ ১৪ ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল ৪০ গৰাকীকৈ চি আৰ পি এফ জোৱান। আজি এবছৰ সম্পূৰ্ণ হ’ল পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ। সন্ত্ৰসবাদী সংগঠন জাইছ-ই-মহম্মদৰ সন্ত্ৰসবাদী আদিল আহমেদ ডাৰে বিস্ফোৰণৰ ভৰ্তি বাহন এখন চি আৰ পি এফৰ কনভয়ত খুন্দা মৰাত শ্বহীদ হৈছিল চি আৰ পি এফৰ ৪০ গৰাকীকৈ জোৱান। পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্ত কৰি থকা নিয়াই এই আক্ৰমণৰ লগত জড়িত ব্যক্তি সকলক চিনাক্ত কৰাৰ লগতে আক্ৰমণত কেনে ধৰণৰ বিস্ফোৰক ব্যৱহাৰ হৈছিল ইয়াৰ তথ্যও লাভ কৰিছে। আক্ৰমণৰ লগত জড়িত ৫ জনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে যদিও আক্ৰমণৰ মূল অভিযুক্ত জাইছ-ই-মহম্মদৰ চৈয়দ মাসুদ আজহৰ পাকিস্তানত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ এবছৰ সম্পূৰ্ণ হোৱাত শ্বহীদ চি আৰ পি এফৰ জোৱান সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব কেইবাটাও সংগঠনে। শ্বহীদ সকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানকলৈ জম্মু কাশ্মীৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।