গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মে’ : আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । ১৩ টা ৱেবচাইটত ইতিমধ্যে উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফলসমূহ । ছেৱাৰ ১৩ টা ৱেবচাইট আৰু ১ টা মোবাইল এপ আছে যৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ ফলাফল চাই তেওঁলোকৰ নিজৰ মাৰ্কছিট ডাউনলোড কৰিব পাৰিব।

আনহাতে, যিসকল পৰীক্ষাৰ্থীয়ে তেওঁলোকৰ বহীসমূহ পুনৰ পৰীক্ষণ কৰিম বুলি ভাবে তেওঁলোকে ১৭ তাৰিখৰ পৰা আবেদন কৰিব পাৰিব যিমান বহী তেওঁলোকে পুনঃৰীক্ষণ কৰিব বিচাৰে।

ইফালে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এটাৰ পৰা তিনিটা বিষয়ত উত্তীৰ্ণ নহয় বা উক্ত বিষয়ত অনুপস্থিত নাছিল তেওঁলোকে কমপাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে ১৭ তাৰিখৰ পৰা এটা ৱেব পৰ্টেল যিটো বিদ্যালয়সমূহে চলাব পাৰিব সেই পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব।