গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মে’ : জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমৰ প্ৰথম বৰ্ষপুতি উপলক্ষে বহুধাবিভক্ত অসমৰ জাতীয়তাবাদী শক্তি সমূহক একত্ৰিত কৰাৰ উপায় বিষয়টোৰ সন্দৰ্ভত এক আলোচনা চক্ৰৰ আয়োজন কৰে।
আলোচনাচক্ৰৰ বিষয়ৰ সন্দৰ্ভত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই সংবাদ মাধ্যমৰ আগত কয় ” অসমৰ ৰাইজৰ নেতাসকলৰ প্ৰতি বিশ্বাস হেৰাই গৈছে। সাধাৰণ ৰাইজে নেতাসকলক দালাল বুলিয়েই ভাবে। তেনেস্থলত অসমৰ মূল সমস্যা সমাধানৰ বাবে যদি এটা দলৰ বিকল্প আন এটা দল কৰি থকা যায়। আঞ্চলিক ৰাজনৈতিক দলৰ নামত বিভিন্ন সুবিধাবাদৰ ৰাজনীতিৰ আৰম্ভ হৈছে।”
” ১৯৭৭ চনত পি এল পি যেতিয়া ভূমিষ্ঠ হওঁতে অসমৰ জনসংখ্যা ৬৫% আছিল। কিন্তু বৰ্তমান ৩০%ৰ তলত গৈছে। সেইসময়ত উপলব্ধি কৰা হৈছিল যে উত্তৰ-পূৱৰ এটা সংহতি স্থাপন কৰি সন্মিলিতভাৱে উত্তৰ-পূবে একেখন মঞ্চত থিয় হৈ দিল্লীৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব যদি আমি খিলঞ্জীয়া জাতি সত্তা ৰক্ষা কৰিব লাগে, দিল্লীৰ শোষণ বন্ধ কৰিব লাগে । কিন্তু বৰ্তমান সেই পৰিস্থিতি ইমান বেয়া হৈ পৰিছে যে ৩০% ৰ তলত নামিছে খিলঞ্জীয়াৰ সংখ্যা। কিন্তু দলৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পাইছে। সকলোৱেই অনুভৱ কৰিছে যে এক ঐক্যবদ্ধ শক্তি লাগে। কিন্তু ৰাইজৰ ক্ষেত্ৰত কথাটো কোনেও বিচাৰ- বিবেচনা কৰি চোৱা নাই । ৭০ টা, ৩০ টা সংগঠনৰ কেৱ বিৰোধী আন্দোলনকো ভেঙুচালি কৰি ৰাইজে খং আৰু ঘৃণা প্ৰকাশ কৰিছে। তাৰ পিছতো ৰাইজৰ পৰিস্থিতি বুজিবৰ কাৰণে চেষ্টা কৰা নাই। সেইকাৰণে সন্মিলিতভাৱে উত্তৰ -পূব ইউনিটি কৰাৰ বাবে আগবাঢ়িছে পি এল পিৰ নীতিৰ আধাৰত।”
ইতিমধ্যে উক্ত বিষয়ৰ সন্দৰ্ভত উত্তৰ পূৱত জোৰান থাংঙা, মেঘালয়ৰ কনৰাড চাংমা, অৰুণাচলৰ গেগং আপাং আৰু মণিপুৰ ত্রিপুলছ পাৰ্টিৰ সৈতে কথা পতাৰ লগতে অতি সোনকালে উত্তৰ-পূৱৰ এখন সমূহীয়া মঞ্চ গঠন কাৰণে ব্যৱস্থা হব বুলি জানিবলৈ দিয়ে সম্পাদকগৰাকীয়ে। লগতে কয় যে অসমত বহুধাবিভক্ত হৈ একো কৰিব নোৱাৰো । আমি উত্তৰ-পূব একগোট হব লাগিব।