গুৱাহাটী

২৬ আগষ্ট

মালিগাঁৱৰ আদিংগিৰি পাহাৰত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ। বন বিভাগৰ বহু দিনজোৰা প্ৰচেষ্টাৰ অনন্ত অৱশেষত পিঞ্জৰাবদ্ধ ‘হল এটা নাহৰফুটুকী বাঘ। বিগত কিছুদিন ধৰি অঞ্চলটোত আতংক চলাই আছিল নাহৰফুটুকী বাঘটোৱে।

মঙলবাৰে নিশা মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। বিগত কিছুদিন ধৰি আদিংগিৰি পাহাৰত নাহৰফুটুকী বাঘটোৱে মুক্ত বিচৰন কৰি থকাৰ ফলত আতংকিত হৈ আছিল স্থানীয় লোক। বনবিভাগৰ লোকে পাহাৰত আতংক চলাই থকা নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ বাবে বিগত কিছুদিন ধৰি চেষ্টা চলাই আছিল যদিও নাহৰফুটুকী বাঘটো অৱশেষত মঙলবাৰে নিশা বন বিভাগে পাতি থোৱা পিঞ্জৰাত পৰে। উল্লেখ্য যে যোৱা শুকুৰবাৰে আদিংগিৰি পাহাৰত নাহৰফুটুকী বাঘৰ আক্ৰমণত নিহত হৈছিল শিৱম কুমাৰ নামৰ এটি ৬ বছৰীয়া শিশু। গুৱাহাটী সংমণ্ডল বনাঞ্চলিক বিষয়া পংকজ কলিতাৰ নেতৃত্বত খানামুখ আৰু ফঁটাশিল বনবিভাগৰ লগতে মালিগাঁও গোশালা আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত শণিবাৰে অঞ্চলটোত নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ বাবে পিঞ্জৰা স্থাপন কৰা হৈছিল। বন বিভাগে স্থাপন কৰা পিঞ্জৰাত মঙলবাৰে নিশা ছাগলী ভক্ষণ কৰিবলৈ আহি আৱদ্ধ হ’ল মালিগাঁও আদিংগিৰিত ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকী বাঘটো।

পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটোক চাবলৈ অঞ্চলটোৰ যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। বন বিভাগৰ চিকিৎসক দল আৰু চিৰিয়াখানাৰ বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ নাহৰফুটুকী বাঘটোক অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে।