মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

৯ ছেপ্টেম্বৰ

কচুগাঁও আৰু শ্ৰীৰামপুৰত আদিবাসী চেংগেল অভিযানৰ উদ্যোগত বিশ্ব আদিবাসী দিৱস পালন। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল আৰু বিৰোধী দলৰ নেতাৰ প্ৰতিমূৰ্তি দাহ। ৬ দফীয়া দাবী পূৰণ কৰাৰ দাবী।

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তর্গফ6 কচুগাঁও আৰু শ্ৰীৰামপুৰত আদিবাসী চেংগেল অভিযানৰ উদ্যোগৰ পালন কৰা হয় বিশ্ব আদিবাসী দিৱস।কভিড-১৯ ৰ বাবে প্ৰশাসনিক নিয়ম-নীতিক মানি বুধবাৰে অনুষ্ঠিত বিশ্ব আদিবাসী দিবসৰ কাৰ্যসূচীত উক্ত সংগঠনটোৰ কচুগাঁৱ ব্লকৰ সভাপতি সূৰ্য্য নাথ টুডুৰ নেতৃত্বত কচুগাঁৱৰ ভৰতনগৰত সংগঠনটোৰ শতাধিক কৰ্মী সমৰ্থকে বিশ্ব আদিবাসী দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিভিন্ন দাবী সম্বলিত প’ষ্টাৰ-বেনাৰ হাতত লৈ আদিবাসী ঐক্য জিন্দাবাদ, আদিবাসী বিৰোধী মুৰ্দাবাদ, আমাৰ দাবী পূৰণ কৰক, আদিবাসীৰ অধিকাৰ আদায় দিয়ক, ছিধু-কানহু মুৰ্মু অমৰ ৰহে, ঝাৰখণ্ডৰ মুখ্য মন্ত্ৰী মুৰ্দাবাদ, দুৰ্বৃত্তৰ হাতত নিহত ৰামেশ্বৰ মুৰ্মুৰ হত্যাকাণ্ডৰ চিবিআই তদন্ত দিয়ক আদি প্ৰতিবাদী ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে। সংগঠনটোৱে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেন, ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু আৰু ঝাৰখণ্ড বিধানসভাৰ বিৰোধী দলৰ নেতা বাবুলাল মাৰাণ্ডী আৰু লালিন চোৰেনৰ প্ৰতিমূৰ্তি দাহ কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ কচুগাঁৱ ব্লকৰ সভাপতি সূৰ্য্য নাথে ঝাৰখণ্ডৰ চৰকাৰে আদিবাসী বিৰোধী ভূমিকা লৈ আদিবাসীক ধ্বংস কৰিব বিচাৰিছে বুলি ক্ষোভ উজাৰি কয় যে, প্ৰায় দুমাহ পূৰ্বে চাওতাল বিদ্ৰোহৰ গুৰিধৰোতা বীৰ চিধু-কানহু মুৰ্মৰ বংশধৰ তথা ঝাৰখণ্ড ৰাজ্য প্ৰতিষ্ঠাৰ অন্যতম কাৰিকৰ ৰামেশ্বৰ মুৰ্মুৰ নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে কিন্তু আজিলৈ হত্যাকাৰীক আটক কৰাত ব্যৰ্থ হৈছে ঝাৰখণ্ড চৰকাৰ। উক্ত হত্যাকাণ্ডৰ তদন্ত চিবিআইৰ হাতত দিবলৈও দাবী জনায় সূৰ্য্য নাথে। আদিবাসী বিশ্ব দিৱসৰ দিনা আদিবাসীৰ দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যা সমূহ সমাধানৰ দাবীও জনায় আদিবাসী নেতা গৰাকীয়ে।

অসম, পশ্চিমবংগ, উৰিষ্যা, বিহাৰ, ঝাৰখণ্ড আৰু ছত্তিশগঢ় আদি ৰাজ্যত বসবাস কৰা আদিবাসী সকলৰ সমস্যা সমাধানৰ লগতে আদিবাসীৰ মৌলিক তথা সাংবিধানিক অধিকাৰ সমূহ সুৰক্ষিত কৰাৰ বাবে দাবী জনায় আদিবাসী চেংগেল অভিযান কচুগাঁৱ ব্লক কমিটিয়ে। অনুৰূপভাৱে আদিবাসী চেংগেল অভিযানৰ কেন্দ্ৰীয় কমিটীৰ উদ্দোগত শ্ৰীৰামপুৰতো আদিবাসী বিশ্ব দিৱস পালন কৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল আৰু বিৰোধী দলৰ নেতাৰ প্ৰতিমূৰ্তি দাহ কৰা হয়।