বাক্সা, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰী : বাক্সা জিলাৰ ডুমুনীত আদিবাসী সকলৰ বিশাল গণসমাৱেশ৷ আদিবাসী শান্তি চুক্তি স্বাক্ষৰ আৰু জনজাতিকৰণৰ দাবীৰ লগতে আদিবাসী সকলৰ সমস্যা সমাধান নকৰিলে ভোট বৰ্জনেৰে বিজেপি আৰু বি পি এফক যোগ্য প্ৰত্যুত্বৰ দিয়াৰ হুংকাৰ।

আদিবাসী সকলৰ দীৰ্ঘ দিনীয়া জনজাতিকাৰণৰ সমস্যা সমাধানৰ দাৱীত বুধবাৰে বাক্সা জিলাৰ ডুমুনীত আদিবাসী সকলে এক বিশাল গণসমাৱেশ আয়োজন কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দহ সহস্ৰাধিক লোক গণসমাৱেশত অংশগ্ৰহণ কৰি আমাক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক, আদিৱাসী শান্তি চুক্তি স্বক্ষাৰ কৰক, আমাৰ দাবী মানি লওক শ্লোগানেৰে গণসমাৱেশস্থলী উত্তাল কৰি তোলে। আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ উদ্যোগত অনুস্থিত অনুস্থিত গণসমাৱেশস্থলীৰ পৰাই আদিবাসী সকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবীৰ লগতে অন্যান্য সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনায়৷ জনজাতিকাৰণৰ লগতে বড়ো বিদ্ৰোহী সংগঠনৰ লেখিয়াকৈ আদিৱাসী বিপ্লৱী সংগঠনকো শান্তি আলোচনাৰ মেজলৈ আনিবলৈ গণসমাৱেশস্থলীৰ পৰা চৰকাৰক দাবী জনাই আছাই৷

আদিবাসী সকলৰ সমস্যা সমূহ চৰকাৰে অতি শীঘ্ৰে সমাধান নকৰিলে অনাগত দিনত বিজেপি আৰু বি পি এফ চৰকাৰক যোগ্য প্ৰত্যুত্বৰ দিবলৈ আদিৱাসী ছাত্ৰ সন্থা সাজু বুলি কয় আছাৰ কেন্দ্ৰীয় নেতৃত্বই৷ গণসমাৱেশৰ অন্তত দহ সহস্ৰাধিক ৰাইজ ৰাজপথতলৈ ওলাই আহি এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই আকাশ বতাহ কপাই তোলে৷