গুৱাহাটী

৩ ছেপ্টেম্বৰ

‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেন্টেলিষ্ট’  আৰু ‘লাইফ অৱ পাই’ৰ দৰে হলিউডৰ ছবিৰ লগতে কেইবাটাও হিন্দী আৰু অসমীয়া ছবিত অভিনয় কৰা অসমৰ প্ৰসিদ্ধ অভিনেতা আদিল হুছেইন এইবাৰ হ’ব ডক্তৰ বেজবৰুৱা। ১৯৬৯ চনত মুক্তিলাভ কৰা অসমৰ প্ৰথমখন থ্ৰিলাৰ ছবি ‘ডক্তৰ বেজবৰুৱা’ৰ নিৰ্মিত হ’বলগীয়া ছিকুৱেল ছবিত ডক্তৰ বেজবৰুৱাৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব আদিল হুছেইনক।

অভিনেতা নিপন গোস্বামী পৰিচালনাত পুনৰ নিৰ্মাণ হ’বলৈ গৈ আছে ১৯৬৯ চনত মুক্তিলাভ কৰা ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত আৰু ৰংঘৰ চিনে প্ৰডাকছনৰ বেনাৰত নিৰ্মিত অসমীয়া ছবিজগতৰ অন্যতম সফল ছবি ‘ডক্তৰ বেজবৰুৱা’। শেহতীয়াকৈ, এ এম টেলিভিছন প্ৰাইভেট লিমিটেডে ৫০ বছৰ পিছত নিৰ্মাণ কৰিবলৈ লৈছে ‘ডক্তৰ বেজবৰুৱা’ৰ ছিকুৱেল ‘ডক্তৰ বেজবৰুৱা-২’। এন আৰ মোচন পিকচাৰ্ছ’ৰ সহযোগত অভিনেতা নিপন গোস্বামীৰ পৰিচালনাত নিৰ্মিত হ’বলগীয়া ছবিখন প্ৰযোজনা কৰিব সঞ্জীৱ নাৰায়ণ। ছবিখনৰ সহযোগী প্ৰযোজক হিচাপে থাকিব অক্ষতা নাৰায়ণ আৰু অভিনয় কৰিব নিপন গোস্বামীৰ লগতে তেওঁৰ পুত্ৰ সিদ্ধাৰ্থ গোস্বামী, আদিল হুছেইন, কিংকিনী গোস্বামী, জুবিন গাৰ্গ। ছবিখনত মুখ্য ভূমিকাত নিপন গোস্বামীৰ পুত্ৰ সিদ্ধাৰ্থ গোস্বামীয়ে অভিনয় কৰাৰ বিপৰীতে ডক্তৰ বেজবৰুৱাৰ গুৰুত্বপূৰ্ণ ভূমিকাত দেখিবলৈ পোৱা যাব আদিল হুছেইনক। নিৰ্মিত হ’বলগীয়া ‘ডক্তৰ বেজবৰুৱা-২’ৰ সংগীতৰ দায়িত্ব থাকিব জুবিন গাৰ্গৰ ওপৰত।

৫০ বছৰ পূৰ্বে ব্ৰজেন বৰুৱাৰ পৰিচালনাত নিৰ্মিত হোৱা ডক্তৰ বেজবৰুৱা আছিল অসমীয়া ছবিৰ স্বাক্ষৰ। ছবিখন ব্যৱসায়িক দিশত সাফল্য লাভ কৰাৰ লগতে ১৯৭০ চনত শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল। বৃহস্পতিবাৰে ‘ডক্তৰ বেজবৰুৱা-২’ নিৰ্মাণৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ছবিখনৰ পৰিচালক, প্ৰয়োজকৰ লগতে ছবিখনৰ শিল্পী সকলে।