কলগাছিয়া, সংবাদ ৩৬৫, ১০ অক্টোবৰ: পৰিৱৰ্তনকামী চৰকাৰখনে উন্নয়নৰ ফুলজাৰী জ্বলাই মিছা আশ্বাস দি জনসাধাৰণক উন্নয়নৰ নমুনা দেখুৱালে। চৰকাৰ গঠন হোৱাৰ তিনি বছৰ উকলি যোৱাৰ পিছতো উন্নয়নৰ মুখ নেদেখিলে আদর্শ গাঁও হিচাপে পৰিচিত বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ৫৫ নম্বৰ কলগাছিয়া গাওঁ পঞ্চায়তৰ কলগাছিয়া, আমগুৰি, গুনীয়ালগুৰি, সুতিৰপথাৰ, ডিমাপুৰ আদি কৰি পাঁচ খন গাওঁ। উক্ত গাঁও কেইখনক আদৰ্শ গাওঁ হিচাপে ঘোষণা কৰিছিল সাংসদ চিৰাজ উদ্দীন আজমলে। কিন্তু আদৰ্শ গাঁও হিচাপে ৫ খন গাঁওৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই। সকলো ফালৰ পৰাই বঞ্চিত হবলগীয়া হৈছে উক্ত গাঁও কেইখনৰ ৰাইজে। ৰাইজে আজি পৰ্যন্ত ৰাস্তা ঘাট, বিশুদ্ধি খোৱা পানীৰ সমস্যা ভুগি থকাৰ লগতে সুতিৰপথাৰ গাঁঁৱৰ ৰাইজৰ মানুহ এতিয়াও এককাল পানী ভাঙি আহিব লাগে। তাৰোপৰি পঞ্চায়তত দৰিদ্ৰ ৰেখাৰ তলত থকা বহু পৰিয়াল প্ৰধান মন্ত্ৰী আবাস যোজনাৰ পৰা বঞ্চিত হৈ আছে। উক্ত গাৱৰ ৰাইজৰ অভিযোগ যে বি পি এল শ্ৰেণীৰ পৰিয়ালে শৌচাগাৰৰ ব্যৱস্থা সম্পূৰ্ণ ৰূপে পোৱা নাই। পানী যোগান আঁচনি থকা সত্বেও ৰাইজে পানী যোগান আচঁনি পৰা এটুপি বিশুদ্ধি খোৱা পানী পোৱা নাই। যাৰ বাবে এটুপি খোৱা পানীৰ নামত যমৰ যাতনা ভুগিব লগা হৈছে। ইফালে কলগাছিয়া পঞ্চায়তৰ আমগুৰি গাঁঁৱৰ ৰাইজে এন্ধাৰত দিন কটাব লগীয়া হৈছে কিয়নো পৰিৱৰ্তন গামী চৰকাৰৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই আশ্বাস দি কৈছিল যে দেশৰ সকলো পৰিয়ালৰ ঘৰে ঘৰে বিজুলী লাভ কৰিব কিন্তু এতিয়ালৈ বহুতৰ ঘৰত বিজুলী পোহৰ দেখাই নাই। বি পি এল কাৰ্ড থকা সত্বেও মানুহে বিজুলী নোহোৱাকৈ জীৱন যাপন কৰি আছে। কেৱল কাগজে কলমে আদৰ্শ গাওঁ হৈ আছে। সাংসদ চিৰাজ উদ্দিন আজমলে কলগাছিয়া গাঁও পাঞ্চায়তক এখন আদৰ্শ গাঁও পঞ্চায়ত হিচাবে ঘোষণা কৰাৰ পিছতো কি কাৰণত উন্নয়ন হোৱা নাই সেয়া এক লাখ টকীয়া প্ৰশ্ন।