গুৱাহাটী, ১৭ ডিচেম্বৰঃ শনিবাৰে নিশা গুৱাহাটী মহানগৰীৰ হাটীগাঁও আৰক্ষীয়ে অভিযান চলাই আধাৰ কাৰ্ডৰ নামত জালিয়াতি কৰাৰ অভিযোগত এজন লোকক আটক কৰে। আটক কৰা লোকজনৰ নাম বিজু ৰঞ্জন বৰুৱা বুলি জানিব পৰা গৈছে। বিজু ৰঞ্জন বৰুৱাই দেশৰ বিভিন্ন প্ৰান্তত প্ৰায় ১১৪৯ জন যুৱক যুৱতীক অবৈধভাৱে আধাৰ কাৰ্ড নিৰ্মাণৰ নামত বিভিন্ন পদত নিযুক্তি দিছিল। আৰক্ষীয়ে অভিযান চলাই বিজু ৰঞ্জন বৰুৱাৰ নোনমাটি বাসগৃহৰ পৰা বহু অপতিজানাক নথি পত্ৰৰ লগতে এটা লেপটপ উদ্ধাৰ কৰে। উল্লেখ্য যে ভাৰত চৰকাৰ উইডাইএ বিজু ৰঞ্জন বৰুৱাক দুবছৰৰ বাবে আধাৰ কাৰ্ড ইনচাৰ্জ হিচাপে নিযুক্তি দিছিল। ধৃত বিজু ৰঞ্জন বৰুৱাই মহানগৰীৰ হাউচ ফ্রেডত থকা আধাৰ কাৰ্ডৰ কাৰ্যালয়ৰ পৰা অবৈধভাৱে নিযুক্তি দিছিল বহু নিবনুৱা যুৱক যুৱতী। দিল্লীত থকা আধাৰ কাৰ্ডৰ মুখ্য কাৰ্যালয়ৰ বিজু ৰঞ্জন বৰুৱাৰ গতি বিধিৰ ওপৰত সন্দেহ হোৱাত মুখ্য কাৰ্যালয়ে মহানগৰীৰ হাটীগাঁও আৰক্ষী চকীত বিজুৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰাৰ পিছতে আৰক্ষীয়ে লোকজনক আটক কৰে। জানিবলৈ পোৱা মতে বিজুৰ আৰু এজন সহযোগী অনিৰুদ্ধ চেতিয়া বৰ্তমান পলাতক অৱস্থাত আছে।