পলাশবাৰীৰ পৰা ৰমেন দাস, সংবাদ ৩৬৫, ২৮ মে’ : আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক চুটি ছবিৰ প্ৰতিযেগিতাত অসমৰ ছবিয়ে শ্ৰেষ্ঠ হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত মাতৃভূমিলৈ উভতিল ধৃতিমান কাকতি । ইউৰোপৰ বুডাপেষ্টৰ গদল চহৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবি হিচাপে বটা লাভ কৰি আজি গুৱাহাটীত উপস্থিত হয় ধৃতিমান কাকতি ।

উল্লেখ্য যে ইউৰোপত আয়োজক সকলৰ নিমন্ত্ৰণক্ৰমে ‘দ্যা মেন হু স্পিকচ নেচাৰ’ নামৰ ছবিখনৰ পৰিচালক ধৃতিমান কাকতিয়ে মহোৎসৱত অংশ গ্ৰহণ কৰি শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰে । বোকাখাতৰ নিৱাসী ধৃতিমান কাকতিয়ে বটা গ্ৰহন কৰি আজি বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে আত্মীয় আৰু শুভকাংশীয়ে আদৰণী জনায় । অসমীয়া ছবি জগতে পৰিৱৰ্তন অনা বুলি মন্তব্য কৰি ধৃতিমানে এই সাফল্য পায় গৌৰাম্বিত হোৱা বুলি জনায় ।