ৰাইদেউ, সংবাদ ৩৬৫, ৯ আগষ্ট: বীৰ লাচিত সেনাই কয় যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ নাই। বীৰ লাচিতে এনে এখন আইনৰ পোষকতা কৰে যে এনে এখন আইন লাগে যিখন আইনৰ জৰিয়তে অসমৰ মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ অসমীয়াৰ হাতত থাকে। বৃহস্পতিবাৰে চৰকাৰৰ বিৰুদ্ধে কলা পতাকা প্ৰদৰ্শন কৰে বীৰ লাচিত সেনাই। “আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস”পালন চৰাইদেউত চৰকাৰৰ বিৰুদ্ধে কলা পতাকা প্ৰদৰ্শন বীৰ লাচিত সেনাৰ। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে চৰাইদেউ জিলাখনতো “আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস” পালন কৰে বীৰ লাচিত সেনা চৰাইদেউ জিলা সমিতিয়ে । ৰাষ্ট্ৰযন্ত্ৰৰ খিলঞ্জীয়া বিৰোধী কাম কাজৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কলা পতকা প্ৰদৰ্শন কৰে। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ খিলঞ্জীয়াৰ অধিকাৰ আৰু সুৰক্ষাৰ দাবীত উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে ।