শ্ৰমিক আন্দোলনৰ পটভূমিত পালিত হোৱা মে’ দিৱসৰ তাৎপৰ্য্য ইতিহাসৰ বুকুত এক গুৰুত্বপূৰ্ণ ঘটনা৷ মে’ দিৱসৰ দিনা সকলো দেশৰ নগৰ-চহৰ সৰ্বত্ৰ সংঘবদ্ধ ভাৱে জীৱনক জীয়াই ৰাখিবলৈ মেহনতী জনতা প্ৰতিজ্ঞাবদ্ধ হয়, অতীতক সোঁৱৰণ কৰে আৰু নতুন সংকল্প গ্ৰহণ কৰে, যাতে অনাগত দিনবোৰত কৰ্মজীৱন আৰু জীৱন যাত্ৰাৰ মান উন্নতৰ কৰাৰ কাৰণে নতুন কৰ্মোদ্যমেৰে আগবাঢ়ি যাব পাৰে৷

মে’ দিৱসৰ পৰম্পৰা ঊনবিংশ শতিকাৰ পৰা চলি আহিছে৷ কুৰি শতিকাতো এই দিৱসটো পালিত হৈছিল নানা জয়-পৰাজয়, ঘাট-প্ৰতিঘাটৰ মাজত৷ দুটা শতিকা অতিক্ৰম কৰি আহি  একবিংশ শতিকাতো মে’ দিৱস পালিত হৈছে এই প্ৰত্যয়েৰে যে শোষণভিত্তিক সমাজ চলি থকালৈকে শত বাধা বিঘিনি নেওচি এই দিৱসটো চলি থাকিব৷

আগতে শ্ৰমিকসকলে অমানুষিক পৰিশ্ৰম কৰিব লাগিছিল, প্ৰতিদিনে গড়ে প্ৰায় ১০-১২ ঘণ্টা আৰু সপ্তাহত ৬ দিন শ্ৰমিকে কাম কৰিছিল৷ ইয়াৰ বিপৰীতে নগণ্য পাৰিশ্ৰমিক বা মজুৰি পাইছিল, অমানৱীয় জীৱন-যাপন কৰিছিল৷ ক্ষেত্ৰবিশেষে ই দাসবৃত্তিৰ পৰ্যায়ত পাইছিল৷ ১৮৮৪ চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত এদল শ্ৰমিকে দৈনিক ৮ ঘণ্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে আৰু তেঁওলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেঁওলোকে সময় বান্ধি দিয়ে ১৮৮৬ চনৰ ১মে’৷ কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নল’লে৷  ১৮৮৬ চনৰ ৪ মে’ৰ সন্ধিয়া সামান্য বৰষুণৰ মাজত চিকাগো নগৰৰ হে-মাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাত শ্ৰমিকসকল শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খায়৷ তেঁওলোকে ১৮৭২ চনত কানাডাত অনুষ্ঠিত এক বিশাল শ্ৰমিক শোভাযাত্ৰাৰ সাফল্যত উদ্বুদ্ধ হৈ এনে কৰিছিল৷ আগস্ট স্পীজ নামৰ এজন নেতাই উপস্থিত শ্ৰমিকসকলৰ উদ্দেশ্যে কিছু কথা কৈছিল৷ হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষী দলৰ ওচৰত এটা বোমাৰ বিষ্ফোৰণ হয় আৰু এজন পুলিচ নিহত হয়৷ পুলিচবাহিনীয়ে তৎক্ষণাত শ্ৰমিকসকলৰ ওপৰত অতৰ্কিতে আক্ৰমণ আৰম্ভ কৰে আৰু ই এক গণ-হত্যাৰ ৰূপ লয়, য’ত ১১ জন শ্ৰমিক ছহিদ হয়৷ পুলিচক হত্যা কৰাৰ দোষত আগস্ট স্পীজ সহ আঠজনক অভিযুক্ত কৰা হয়৷ এক প্ৰহসনমূলক বিচাৰৰ পিছত ১৮৮৭ চনৰ ১১ নবেম্বৰত উন্মুক্ত স্থানত ৬ জনক ফাঁচী দিয়া হয়৷ অভিযুক্তসকলৰ লুইস লিং নামৰ এজনে ফাঁচীৰ এদিন আগতে কাৰাগাৰৰ ভিতৰতেই আত্মহত্যা কৰে, অন্য এজনৰ পোন্ধৰ বছৰৰ কাৰাদণ্ড হয়। ফাঁচীৰ মঞ্চত উঠাৰ আগতে আগস্ট স্পীজে কৈছিল, “আজি আমাৰ এই নিঃশব্দতা, তোমালোকৰ কোলাহলতকৈ অপেক্ষিক ভাবে অধিক শক্তিশালী হ’ব”৷ কিন্তু ১৮৯৩ ৰ ২৬ জুনত ইলিনয়ৰ গভৰ্ণৰে অভিযুক্ত আঠজনকেই নিৰপৰাধী বুলি ঘোষণা কৰে আৰু হত্যাৰ হুকুম দিয়া পুলিচ কামাণ্ডাৰজনক দুৰ্নীতিৰ দোষত অভিযুক্ত কৰে। অৱশ্যে অজ্ঞাত সেই বোমা বিস্ফোৰণকাৰীৰ পৰিচয় কেতিয়াও প্ৰকাশিত নহ’ল৷

ইয়াৰ পিচত ১৮৮৯ চনৰ ১৪ জুলাইত মহান ফৰাচী বিপ্লৱৰ শতবাৰ্ষিকী উপলক্ষে ফ্ৰান্সৰ ৰাজধানী পেৰিচত অনুষ্ঠিত হয় শ্ৰমজীৱী মানুহৰ আন্তঃৰাষ্ট্ৰীয় মহাসন্মিলন৷ বিশ্বৰ বিশখন দেশৰ ৩৯০ গৰাকী প্ৰতিনিধিয়ে ইয়াত ভাগ লয়৷ উক্ত মহাসন্মিলনৰ সিদ্ধান্ত অনুযায়ী ১৮৯০ চনৰ পৰা পহিলা মে’ দিনটো গোটেই বিশ্বত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংহতিৰ দিৱস হিচাপে উদযাপন হৈ আহিছে৷

১৮৯১ চনত ব্ৰুচলেছত অনুষ্ঠিত আন্তৰ্জাতিক সন্মিলনত আঠ ঘন্টা কামৰ দাবীক মে’ দিৱসৰ দাবী হিচাপে পুনৰবাৰ ঘোষণা কৰা হয়। পৰবৰ্তী সময়ত অৰ্থাৎ ১৯১৮ চনত পৃথিবীৰ প্ৰথম সমাজতান্ত্ৰিক দেশ ছোভিয়েট ইউনিয়নৰ ৰাজধানী মস্কোত বিশ্বৰ বহুতো দেশৰ শ্ৰমিক প্ৰতিনিধিসকলৰ উপস্হিতিত মহা সমাৰোহেৰে আয়োজিত মে’ দিৱসৰ পৰাই ই আন্তৰ্জাতিক ভাবে অধিক শক্তিশালী আৰু তাৎপৰ্য্যপূৰ্ণ হৈ উঠে।
কামৰ সময় নিৰ্দ্ধাৰণেৰে শ্ৰমিক আন্দোলনৰ পটভূমিত জন্ম লাভ কৰা মে’ দিৱসে আজি সমগ্ৰ বিশ্বতে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। নিষ্পেষিত সেইসকল মহান শ্ৰমিকে নিজে আত্মত্যাগ কৰি পৰবৰ্তী প্ৰজন্মৰ নিজস্ব অধিকাৰ সুৰক্ষাৰ হকে কৰা কঠোৰ সংগ্ৰামৰ ফলস্বৰূপে আজি বিশ্বৰ শ্ৰমিক কৰ্মচাৰীৰ আঠ ঘন্টা কামৰ সময় হিচাপে মুক্তিৰ নতুন সপোন ৰচনা হ’ল৷

বিগত ১২৩ বছৰ ধৰি পহিলা মে’ৰ দিনটো বিশ্বৰ দেশে দেশে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংহতিৰ দিৱস হিচাপে উদযাপন হৈ আহিছে। এইটো এতিয়া সৰ্বজনবিদিত যে ১৮৮৬ চনত সংঘটিত আমেৰিকা যুক্তৰাজ্যৰ শ্ৰমিক শ্ৰেণীৰ এক ঐতিহাসিক সংগ্ৰামে ৰচনা কৰিছে মে’ দিৱসৰ পটভূমি। মে’ দিৱস শ্ৰমিক শ্ৰেণীয়ে জন্ম দিয়া দিৱস। কালক্ৰমত শ্ৰমিক শ্ৰেণীৰ সংগ্ৰামী মানসিকতাই সমাজৰ আন আন সংগঠিত শ্ৰেণীক অনুপ্ৰাণিত কৰি তুলিছে। সেয়েহে আন্তৰ্জাতিক দিৱসৰ পৰম্পৰাটোও সমাজৰ আন আন শ্ৰেণীয়ে গ্ৰহণ কৰিবলৈ লৈছিল, বিশ্ব ব্যৱস্থাৰ নানা অনুষ্ঠান প্ৰতিষ্ঠানেও৷