আব্দুল হক
নগৰবেৰা
৯ জুন

সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিডৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱলীলা অব্যাহত আছে। অৱশ্যে বিগত কিছুদিন ধৰি ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে যদিও ৰাজ্যত এতিয়াও অব্যাহত আছে সান্ধ্য আইন। ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে প্ৰশাসনে ৰাইজক ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে অব্যাহত ৰাখিছে সজাগতা অভিযান।

চৰকাৰ-প্ৰশাসনৰ লগতে বিভিন্ন দল-সংগঠনেও ৰাইজৰ মাজত ক’ভিড সম্পৰ্কীয় সজাগতা চলাই ৰাইজক চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাই আছে। ক’ভিড সংক্ৰমণৰ পৰা নিজৰ লগতে আনক ৰক্ষা কৰিবলৈ এইবাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে আগবাঢ়ি আহিল আমছুৰ কৰ্মকৰ্তা। খোলাবান্ধা আঞ্চলিক আমছুৰ উদ্যোগত বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হয় মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কাৰ্যসূচী৷ মৈৰাদিয়া-খোলাবান্ধা বজাৰৰ পৰা প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

মৈৰাদিয়া-খোলাবান্ধা বজাৰৰ ব্যৱসায়ী তথা পথচাৰী সকলক ছেনিটাইজ কৰি সকলোৰে মাজত মাস্ক বিতৰণ কৰে আমছুৰ কৰ্মকর্তা সকলে। হাট বজাৰ আৰু পথচাৰীৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰন কৰি ক’ভিড সম্পৰ্কীয় সজাগতা সৃষ্টিৰ চেষ্টা চলায় আমছুৰ কৰ্মকর্তা সকলে। সকলোকে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে ক’ভিড সম্পৰ্কে চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনা মানি চলিবলৈ আমছুৰ কৰ্মকর্তা সকলে আহ্বান জনায়৷

মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আমছুৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক অবিল উদ্দিনে৷ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰশংসনীয় ভাষণ দিয়ে আমছুৰ প্ৰাক্তন উপ-সভাপতি সোনা উল্লাহ চাহাবে৷ কাৰ্যসূচী পৰিচানাত মুখ্য ভূমিকা পালন কৰে দক্ষিণ বৰপেটা জিলা আমছুৰ কাৰ্যকৰী সভাপতি ইকবাল হুছেইনে৷