কামপুৰ, সংবাদ ৩৬৫, ৩ মাৰ্চ : দেওবাৰে কামপুৰত উপস্থিত হয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কামপুৰ-বৈঠালাংছ সংযোগী কপিলী নৈৰ দলঙৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বৰপানী নৈৰ ওপৰতো পুঠিমাৰীত দলঙৰ আধাৰশিলা স্থাপন কৰে। কামপুৰত বিজেপিৰ দলীয় সভাতো অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।
আনহাতে,নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী জিতু গোস্বামীয়ে আয়োজন কৰা সভাতো অংশগ্ৰহণ কৰে মন্ত্রীগৰাকীয়ে। এই সভাতে ৩ শতাধিক অগপ কৰ্মীয়ে বিজেপিত যোগদান কৰে। অগপৰ যুৱ পৰিষদৰ নগাঁও জিলাৰ প্ৰাক্তন সভাপতি মৃন্ময় বৰপূজাৰীৰ নেতৃত্বত বঢ়মপুৰ সমষ্টিৰ সদস্যই যোগ দিয়ে বিজেপিত । যুৱ কংগ্ৰেছৰ নগাঁও জিলা সমিতিৰ নৱজ্যোতি গোস্বামীৰ নেতৃত্বত অৰ্ধ শতাধিক যুৱ কংগ্ৰেছীয়েও যোগদান কৰিলে বিজেপিত। নগাঁও জিলা যুৱ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক ৰঞ্জন কুমাৰ বৰায়ো যোগদান কৰিলে বিজেপিত। এই যোগদান অনুষ্ঠানত উপস্থিত ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস । দলঙৰ আধাৰশিলা স্থাপনৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই বিধায়কজনে।
‘বজ্ৰনিনাদ কৰা সহজ কিন্তু বিকাশৰ নিনাদ দিয়া সহজ নহয়, অসমত চিঞৰ বাখৰ কৰা মানুহ বহুত আছে, কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আমি মনে মনে অসমৰ বিকাশ কৰি যাম, কংগ্ৰেছে ৭০বছৰ ভাৰতবৰ্ষত বিজুলী যোগান সম্পূৰ্ণ কৰিব নোৱাৰিলে কিন্তু মোদী ডাঙৰীয়াই কৰি দেখুৱালে।’–কামপুৰত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
আনহাতে, কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি হিমন্ত বিশ্বই কয় যে ‘মনমোহন সিং অসমৰ সাংসদ হৈ প্ৰধানমন্ত্ৰী হ’ল কিন্তু ডিঙিত গামোচা ন’ললে, কিন্তু নৰেন্দ্ৰ মোদীয়ে সদায় গামোচাখন আদৰৰে লয়, গোপীনাথ বৰদলৈ আৰু ভূপেন হাজৰিকাক কংগ্ৰেছে ভাৰতৰত্ন নিদিলে, বিজেপিয়ে এই সন্মান যাঁচিলে কিন্তু ভূপেন হাজৰিকাক জীৱিত অৱস্থাত ভাৰতৰত্ন দিবলৈ সাহস নকৰা তৰুণ গগৈয়ে ভাৰত ৰত্নক লৈয়ো ৰাজনীতি কৰে।
‘সংসদত আক্ৰমণ হোৱাৰ সময়ত কংগ্ৰেছ নীৰৱে থাকিল কিন্তু মোদীৰ নেতৃত্বত এতিয়াৰ আধুনিক ভাৰতে প্ৰতিশোধ ল’লে,
। অসমৰ অৱস্থাও বৰ ভাল নহয় কংগ্ৰেছে ভোটবেংকৰ বাবে গুৰুজনাৰ জন্মভূমিও ন অসমীয়াক এৰি দিলে কিন্তু আমাক ন অসমীয়াৰ ভোট নালাগে, আমাক অসমীয়াৰ ভোট লাগে।- এনেদৰে কামপুৰত উদাত্ত ভাষণ হিমন্ত বিশ্ব শৰ্মাৰ।
মন্ত্ৰীগৰাকীয়ে আৰু কয় যে অসমত পাকিস্তান জিন্দাবাদ দিয়া ১৩০জনক গ্ৰেপ্তাৰ কৰিছো, অসমত থাকি পাকিস্তান জিন্দাবাদ দিয়াসকলক সাৰি যাবলৈ নিদিও, কোনো বুদ্ধিজীৱীৰ কথাত ভোল নাযাব, এই সকল বুদ্ধিজীৱী পাকিস্তান জিন্দাবাদ দিয়াসকলৰ ক্ষেত্ৰত নিৰৱ-নিস্প্ৰভ।