মানকাচৰ
২০ মার্চ
তৃতীয় পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ বাবে ৰাজনৈতিক দলৰ নেতা সকল উঠি পৰি লাগিছে। ভোটাৰ ৰাইজৰ দুৱাৰে দুৱাৰে গৈ ভোট ভিক্ষা কৰিছে টিকট লাভ কৰা প্ৰাৰ্থী সকলে। টিকট লাভ কৰা প্ৰাৰ্থী সকলে প্ৰচাৰ অভিযান চলাই থকা এই সময়তে মানকাচৰৰ এখন গাঁৱৰ ৰাইজ জনপ্ৰতিনিধিৰ ওপৰত ক্ষোভিত হৈ ভোট বর্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ নিচেই কাষতে থকা নেওৱাজেছপুৰ গাঁৱৰ ৰাইজে এইবাৰ বিধানসভাৰ নিৰ্বাচন বর্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি অব্যাহত ৰাখিছে প্ৰতিবাদ। গাঁওখনৰ ৰাইজৰ অভিযোগ গাঁওখনত নাই পথ, বাৰিষা আহিলে ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সম্মুখীন হ’ব লগীয়া হয়। নাওঁ, কল গছৰ ভেলা আদি ব্যৱহাৰ কৰি যাতায়ত কৰিব লাগে সাধাৰণ জনতা। উন্নয়নৰ ক্ষেত্ৰত সকলো দিশৰে পৰা বঞ্চিত গাঁওখনৰ ৰাইজে এক জৰাজীৰ্ণ পৰিৱেশৰ মাজত জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে। নিৰ্বাচন আহিলে জনপ্ৰতিনিধি সকল ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে কিন্তু নিৰ্বাচনৰ পিছত প্ৰতিশ্ৰুতি ৰক্ষা কৰাতো দুৰৰে কথা, গাঁওখনৰ ৰাইজৰ খবৰ এটাও নলয় জনপ্ৰতিনিধি সকল। নেওৱাজেছপুৰ গাঁৱৰ ৰাইজে গাঁওখনত বাট-পথ নিৰ্মাণ কৰিবলৈ বাৰে বাৰে দাবী জনাই আহিছে যদিও জনপ্ৰতিনিধি সকল কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি গাঁওবাসীয়ে হাতে হাতে প্লেকাৰ্ড লৈ আৰম্ভ কৰিছে প্ৰতিবাদ।
নো ৰোড নো ভোট, আমাক ৰাস্তা দিয়ক আমাৰ ভোট লওক, এনে শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। একেদৰে ৰাইজে গাঁওখনৰ ঘৰে ঘৰে টকা উঠাই নিজৰ ধনেৰে আৰম্ভ কৰিছে এখন পথ নিৰ্মাণৰ কাম। চৰকাৰ, জনপ্ৰতিনিধিৰ প্ৰতি আস্থা হেৰুৱাই উপায়ন্তৰ হৈ নিজে পথ নিৰ্মাণ কৰি গাঁওখনৰ ৰাইজে জনপ্ৰতিনিধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰা পৰিলক্ষিত হয়।