ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ৫ মেঃ  তিনিচুকীয়া জিলা বৰডুমছাৰ কুনাপথাৰত শুক্ৰবাৰে আলফা(স্বাধীন) আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত গুলীবদ্ধ হৈ নিহত হয় বৰডুমছাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া ভাস্কৰ কলিতা। গুলীবদ্ধ আৰক্ষী বিষয়া জনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে বিষয়াজনৰ গাড়ীচালকো আহত হয়। আলফা (স্বাধীন)ৰ বিৰুদ্ধে চলা আৰক্ষীৰ এই অভিযানত তিনিগৰাকীকৈ চিআৰপিএফৰ জোৱানো গুলীবদ্ধ হৈছে। শুক্ৰবাৰে বিয়লিৰে পৰা অঞ্চলটোৰ ২টা স্থানত আলফা(স্বাধীন)ৰ এক ১২জনীয়া দলৰ সন্ধানত অসম আৰক্ষী আৰু চিআৰপিএফৰ দলে অভিযান চলাইছিল। জানিব পৰা মতে আলফা (স্বাধীন)ৰ দলটোৰ নেতৃত্বত আছিল ৰূপম অসম। অভিযানৰ সময়ত আৰক্ষীলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰিছিল আলফা(স্বাধীনৰ) কেডাৰে। সমগ্ৰ অঞ্চলটোত বৰ্তমানেও উগ্ৰপন্থীৰ সন্ধানত আৰক্ষী আৰু সেনাৰ অভিযান অব্যাহত আছে।