ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১০ মেঃ কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহিত কৰিব বিচাৰালে প্ৰয়োজনত আকৌ অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ, হাজাৰ হাজাৰ যুৱক পুনৰ ওলাই আহিব বুলি মন্তব্য দিয়াৰ অভিযোগত ডিগবৈ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জিয়ন কৰিছে আলফা নেতা জীতেন দত্তৰ বীৰুদ্ধে। এই সন্দৰ্ভত প্ৰতিক্ৰীয়া ব্যক্ত কৰি আলফাৰ নেতা গৰাকীয়ে কয় যে, মই কোনো ৰাষ্ট্ৰদ্ৰোহ কৰা নাই৷ ভাৰতবৰ্ষৰ ভিতৰত অসমীয়া জাতীয়ে মূৰ তুলি জীয়াই থকাতো বিচাৰো আৰু সেইবাবে আমি কেন্দ্ৰীয় চৰকাৰৰ সতে আলোচনাৰ টেবুলত আছো৷ মোক আৰক্ষীয়ে কাৰাগাৰত ৰাখিলেও অসমৰ যুৱ শক্তি কেতিয়াও থমকি নৰয়৷ জাতীৰ অস্তিত্ব ৰক্ষাৰ বাবে অসমৰ যুৱ শক্তিয়ে সদায়ে চেষ্ঠা চলাব৷ কাৰাগাৰৰ পৰা ওলাই আহি মই পুনৰ আন্দোলনত জপিয়াই পৰিম৷