ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২ নৱেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা অাৰু জিতেন দত্তই যি প্ৰৰোচনামুলক মন্তব্য দিছিল তাৰ বাবে শুকুৰবাৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। ডিগবৈৰ বিভিন্ন দ’ল সংগঠনে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বাবে তীব্ৰ গৰিহনা দি শুকুৰবাৰে সন্ধিয়া ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। অনতিপলমে বিনাচৰ্তে তেওলোকৰ মুক্তিৰ দাবী উৎথাপন কৰে ডিগবৈৰ বিভিন্ন দ’ল সংগঠনে। আৰু লগতে কয় যে উচতনি মুলক মন্তব্য দিয়াৰ লগতে শিলাদিত্য দেৱ আৰু সুকুমাৰ বিশ্বাসক কিয় চৰকাৰে গ্ৰেপ্তাৰ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে। চৰকাৰৰ এই দুমুখীয়া নীতিক সকলোৱে একমুখে ধিক্কাৰ দি সৰ্বানন্দ সোনাৱাল মুৰ্দাবাদ ,জাতীয় নায়কৰ কাম নাই, জাতীয় নায়ক মুৰ্দাবাদ ,বিজেপি মুৰ্দাবাদ অাদি কৰি বিভিন্ন শ্লোগান ধ্বনীৰে ডিগবৈৰ ৰাজপথ উত্তাল কৰি অাকাশ বতাহ কপাই তোলে। আনপিনে শনিবাৰে বেংগলী ফেডাৰেচনে যি ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান কৰিছে তাৰ বিৰোধিতা কৰি অসমৰ সকলো ৰাইজৰ লগতে ডিগবৈৰ সকলো শিক্ষানুষ্ঠান, প্ৰতিষ্ঠান, স্কুল, কলেজ ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ খোলা ৰখাৰ বাবে অনুৰোধ জনাইছে ডিগবৈৰ প্ৰতিবাদী স্থলীৰ পৰা বিভিন্ন দল সংগঠনে।