গুৱাহাটী, ১০ চেপ্তেম্বৰঃ আহমদীয়া মুছলিম জামাতৰ বার্ষিক শান্তি সন্মিলনখন গুৱাহাটী ছয়মাইলস্থিত হােটেল লিলিত অনুষ্ঠিত হয়। সন্মিলনখনৰ বিষয় আছিল বিশ্ব শান্তি। বিশ্ব এতিয়া অতি দুৰ্য্যোগময় সময়ৰ মাজত দিন অতিবাহিত কৰিছে। নিখিল বিশ্ব আহমদীয়া মুছলিম জামাত একমাত্র লক্ষ্য পৃথিৱী শান্তিৰ পথত পৰিচালনা কৰা। ইছলাম ধৰ্মৰ অৰ্থেই হৈছে শান্তি আৰু ঐক্য। ইছলামৰ উদ্দেশ্য হ’ল মানুহক শক্তিৰ পথ আগবঢ়ায় নিয়া। প্ৰায় ১৪০০ বছৰ পূর্বে ইছলাম ধৰ্মৰ প্ৰৱৰ্ত্তক হজৰত মহম্মদে (ছা) সংবাদ দিছিল যে বর্তমান যুগত তেওঁৰ ভৱিষ্যত বাণী অনুযায়ী প্রতিশ্রুত মহীহ হজৰত মিৰ্য্যা গোলাম আহম্মদে (আঃ) মানুহৰ হৃদয়ত প্রেম আৰু শান্তি পুনৰ প্রতিষ্ঠাৰ উদ্দেশ্যে আগমণ কৰিব। যাতে তেওঁলোকে পতনৰ হাতৰ পৰা ৰক্ষা পায়। ১৮৮৯ খৃষ্টাব্দত পাঞ্জাৱৰ এখন সৰু গাওঁ কাদিয়ানত হজৰত মির্জা গোলাম আহমদে (আঃ) আহমদীয়া মুছলিম জামাত প্রতিষ্ঠা কৰে। বৰ্তমান ২১০ খন দেশত জামাতৰ কাৰ্য্য বিয়পি পৰিছে। জামাতৰ সদস্যসকল আইনৰ প্রতি শ্ৰদ্ধাশীল। ব্যক্তিত্ব, ধর্মগ্রন্থ তথা সকলো ধৰ্মৰ অনুভূতিক সন্মান কৰে আৰু সন্মান প্রদর্শনকাৰী, শান্তি, সম্প্রীতি, সহনশীলতা, পাৰস্পৰিক সোঁহাৰ্যপূৰ্ণতাত বিশ্বাসী। আহমদীয়া মুছলিম জামাতৰ এজন কেন্দ্ৰিয় ব্যক্তি আধ্যাত্মিক নেতা আছে যাক খিলিফা বুলি কোৱা হয়। আহমদীয়া মুছলিম জামাতৰ বৰ্তমান পঞ্চম খলিফা’ হজৰত মির্জা মাছৰৰ আহমদৰ নেতৃত্বত এই জামাত বিশ্ব শান্তি প্রতিষ্ঠাৰ মহৎ উদ্দেশ্যে ভিন্ন ধৰণেৰে সমাজত সেৱা আগবঢ়াইছে।