নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনত আহমেদাবাদৰ ৰাণিপত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ঠিক সেইদৰে লালকৃষ্ণ আদৱানীৰ ভোটাধিকাৰ সাব্যস্ত আহমেদাবাদৰ খানপুৰত।

ইফালে কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰো ভোটদান। এছ জি হাইৱেৰ এটা ভোটকেন্দ্ৰত ভোটদান জেটলীৰ।

আনহাতে, গুৱাহাটীত ভোটদান কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে। পত্নী গুৰুচৰণ কৌৰৰ সৈতে ভোটদান কৰিব সিঙে।

ইয়াৰপাছতেই আজি ৩ ৰাজ্যত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ওড়িশাৰ কেন্দ্ৰপাৰা , বালচোড়তো , পশ্চিম বংগৰ আছানছোল, ঝাৰখণ্ডৰ ৰাঁচীত বিজেপি প্ৰাৰ্থীৰ হৈ মাৰাথন প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ সমান্তৰালকৈ ৰাজস্থানত আজি নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে। দুংগৰপুৰৰ বানেশ্বৰ ধামত ৰাহুল গান্ধীয়ে চলাব প্ৰচাৰ অভিযান। মধ্য প্ৰদেশৰ শ্বাহদলৰ লালপুৰ হাৱাইপট্টিৰ লগতে জব্বলপুৰৰ ছিহোৰা প্ৰচাৰ চলাব সভাপতিগৰাকীয়ে ।