আপুনি বাৰু কিমান বয়সৰ লোক দেখিছে? ১০০, ১১০, ১১৫ বছৰীয়া লোক পৃথিৱীত আছে আৰু কিছুদিন পূৰ্বে ১১৭ বছৰ বয়সত পৃথিৱীৰ আটাইতকৈ বয়সস্থ মহিলা ইমা মৰানোৰ মৃত্যু হৈছিল৷ কিন্ত এইবাৰ আপুনি দেখিবলৈ পাব ৩২৪ বছৰীয়া লোক৷  আপুনি আচৰিত হলেও কিন্তু আপুনি ৩২৪ বছৰীয়া বয়সৰ লোক দেখা পাব৷ অৱশ্যে এই লোকজনাক দেখিবলৈ কিছু অপেক্ষা কৰিব লাগিব৷  আচলতে সুশান্ত সিং ৰাজপুত আৰু কৃৰ্তি সেনন অভিনীত ‘ৰাৱতা’ নামৰ আহিব লগীয়া হিন্দী ছবিখনত  দেখিবলৈ পাব এজন ৩২৪ বছৰীয়া বৃদ্ধক৷  ৰোমাঞ্চ আৰু এক্সনযুক্ত প্ৰেম কাহিনী ‘ৰাৱতা’ত অভিনেতা ৰাজকুমাৰ ৰাৱে অভিনয় কৰিছে এজন ৩২৪ বছৰ বয়সীয়া বৃদ্ধৰ চৰিত্ৰত৷  ৰাজকুমাৰ ৰাৱে ‘ৰাৱতা’ত অভিনয় কৰা চৰিত্ৰৰ ছবি টুইটাৰত ৰাজহুৱা কৰাৰ পিছত ছবিখনক লৈ ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে৷ ৰাজকুমাৰৰ ‘ৰাৱতা’  চলচিত্ৰখনৰ ছবিসমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ইতিমধ্যে অহা ৯ জুনত  মুক্তি পাবলগীয়া ছবিখনৰ টেইলাৰ মুক্তি কৰা হৈছে৷ টেইলাৰ দেখি বুজিব পৰা যায় যে ছবিখনত অভিনেতা সুশান্ত সিং ৰাজপুত আৰু কৃতি সেননৰ কেইবাজনমৰ প্ৰেম কাহিনী উপস্তাপন কৰা হৈছে৷