বটদ্ৰৱা, সংবাদ ৩৬৫, ৩১ অক্টোবৰ: মঙ্গলবাৰে দিনৰ দুই বজাত আহোমগাঁও আঞ্চলিক সচেতন মঞ্চৰ উদ্যোগত আয়োজন কৰা টুৰ্নামেণ্ট ফুটবল খেল প্ৰতিযোগিতাৰ শুভাৰম্ভ হয় ৷শুভাৰম্ভনিৰ আগমহূৰ্তত পতাকা উত্তলন কৰে আহোমগাওঁ আঞ্চলিক সচেতন মঞ্চৰ সভাপতি উমেশ চন্দ্ৰ ঠাকুৰীযাই৷ অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত আৰক্ষী তথা প্ৰাক্তন ফুটবলাৰ তৈবুদ্দিন আহমেদে উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি কয় যে, এনেধৰণৰ প্ৰতিযোগিতা সমূহৰ পৰাই খেলুৱৈ সকলৰ উৎসাহ বাঢ়ে। যাতে প্ৰত্যেক বছৰে এনেধৰণৰ প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰে আৰু তেতিয়াহে আমাৰ গাওঁ অঞ্চলৰ যুৱ খেলুৱৈ সকলৰ মাজত লুকাই থকা প্ৰতিভা সমূহ বিকাশ হয়। বিশিষ্ট সমাজ কৰ্মী অমৃত দেউৰীয়ে ভাষন প্ৰসংগত কয় যে,স্বৰ্ণ কন্যা হিমা দাসৰ দৰে এজনী বিশ্ব জয়ী খেলুৱৈৰ আগমন এনে এক ভিতৰুৱা অঞ্চলৰ পৰাই ঘটিছে, গতিকে প্ৰত্যেক জন যুৱ খেলুৱৈয়ে যাতে হিমা দাসৰ দৰে আশা মনত ৰাখি চেষ্টা চলাই যায় আৰু অসমৰ নাম বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ সক্ষম হয়। মঙ্গলবাৰৰ শুভাৰম্ভনিৰ কাৰ্য্যসূচীত উপস্থিত থাকে হীৰেন চন্দ্ৰ দেউৰী,আঃবাতেন,আহোমগাওঁ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল জব্বাৰ, কৌশল পাটৰ,আমছুৰ নগাওঁ জিলা সমিতিৰ উপসভাপতি জহিৰুল ইছলাম,আবুল হুছেইন ,টুকটুকী প্ৰেছ ক্লাবৰ সভাপতি জালাল উদ্দিন আহমেদ। মঙ্গলবাৰে আনুষ্ঠিত হোৱা খেলখনত প্ৰতিদ্বন্দ্বীতা কৰে বৰভেটি ৰিৰ্ফম ক্লাব আৰু কপাহেৰা আঞ্চলিক ফুটবল ক্লাবে ৷খেল খন সূচাৰুৰূপে পৰিচালনা কৰে মতিউৰ ৰহমান আৰু ছাহজাহান আলীয়ে ৷