কুন্দন ভৰালী

১৬ অক্টোবৰ

পুনৰ নগাঁৱত আৰক্ষীৰ জালত এজন ড্ৰাগছ সৰবৰাহকাৰী। এইবাৰ ব্ৰাউন চুগাৰসহ নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন সৰবৰাহকাৰীক।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক হাৰত বৃদ্ধি পাইছে বিভিন্ন নিচাজাতীয় সমগ্রীৰ ৰমৰমীয়া বেহা। বিশেষকৈ নগাঁও জিলাৰ চুকে কোনে সহজলভ্য হৈ পৰিছে বিভিন্ন প্ৰকাৰৰ নিচাজাতীয় সমগ্রী। জিলাখনত আৰক্ষীয়ে নিচাজাতীয় সমগ্রীৰ বিৰুদ্ধে অভিযান চলাই বিভিন্ন সময়ত বৃহৎ পৰিমাণৰ নিচাজাতীয় সমগ্রী জব্দ কৰাৰ লগতে এই বেহাৰ।লগত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে নগাঁও জিলাৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষী বিষয়া কে কে বৰদলৈয়ে পুনৰ নিচাজাতীয় সমগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বালুগুটিয়াৰ পৰা ব্ৰাউন চুগাৰসহ আটক কৰে আব্দুল মালেক নামৰ এজন সৰবৰাহকাৰীক।আটকাধিন আব্দুল মালেকৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন আৰু ছশ টকাও জব্দ কৰে।

জানিব পৰা মতে আব্দুল মালেক নামৰ ব্ৰাউন চুগাৰ সৰবৰাহকাৰী জনৰ ঘৰ ধিংৰ ধূপগুৰিত। ধৃত আব্দুল মালেক দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি ব্ৰাউন চুগাৰৰ সৰবৰাহ চলাই আছিল। হয়বৰগাঁও আৰক্ষীয়ে বৰ্তমান ধৃত আব্দুল মালেকক অধিক তথ্যৰ বাবে জেৰা চলাই আছে বুলিও জানিব পৰা গৈছে।