মৰিগাঁও

২৫ আগষ্ট

পাচলি বজাৰ কৰিবলৈ ব্যৱহাৰ কৰা মোনাত ১৫ লাখ টকা লৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত এজন। শাক-পাচলিৰে ১৫ লাখ টকাৰ ঢাকি আৰক্ষী অধীক্ষকক উৎকোচ দিবলৈ আহি হাতে- লুতে গ্ৰেপ্তাৰ হল দীৰ্ঘদিন ধৰি অবৈধ মিঠৈ বেপাৰত জড়িত মৈৰাবাৰীৰ মিঠৈ মাফিয়া।

মৰিগাঁও জিলাৰ বিভিন্ন স্থানত কিছুদিনৰ পূৰ্বে মিঠৈৰ কাৰখানা উচ্ছেদ কৰি কাৰখানাত ব্যৱহৃত হোৱা প্ৰায় এক কোটি টকাৰ সা-সৰঞ্জাম জব্দ কৰিছিল মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাই। মিঠৈ কাৰখানাৰ উক্ত সা-সৰঞ্জামখিনি মোকলাই দিবলৈ আৰক্ষী অধীক্ষক গৰাকীক পোন্ধৰ লাখ টকাৰ উৎকোচ দিবলৈ আহি মৰিগাঁও আৰক্ষীৰ জালত পৰিল মন্নাছ আলী নামৰ মিঠৈ মাফিয়া। মান্নাছ আলী নামৰ মিঠৈ মাফিয়া গৰাকীয়ে শাক-পাচলি বজাৰ কৰা এটা মোনাত ১৫ লাখ টকা লৈ মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলা উৎকোচ দিবলৈ আহি হাতে-লুতে গ্ৰেপ্তাৰ হয়। জানিবলৈ পোৱা মতে মান্নাছ আলীয়ে মৈৰাবাৰীত দীৰ্ঘদিন ধৰি অবৈধ মিঠৈ বেপাৰ চলাই আছিল।

মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক নন্দ সিঙে সংবাদমাধ্যমক কয় ‘যোৱা ৮ আগষ্টত আমি মৈৰাবাৰী অঞ্চলত চেনী, আটা আৰু কেমিকেল মিলাই নিৰ্মাণ কৰা অবৈধ মিঠৈ ফেক্টৰীত বুজন পৰিমাণৰ মিঠৈৰ পেকেট জব্দ কৰাৰ লগতে মিঠৈৰ কাৰখানা উৎখাত কৰিছিলো। আৰক্ষীৰ অভিযানৰ সময়ত মিঠৈ কাৰাখানাৰ স্বত্বাধিকাৰী সকল পলাই যাবলৈ সক্ষম হৈছিল যদিও তেওঁলোকে আমাৰ পৰা কাৰখানাৰ জব্দ সামগ্ৰী খিনি মোকলাবলৈ চেষ্টা কৰিছিল। ইতিমধ্যে তেওঁলোকে মোক উৎকোচৰ দিয়াৰ বাবে বহুতো চেষ্টা কৰিছিল। মিঠৈ কাৰখানাৰ এগৰাকী স্বত্বাধিকাৰীয়ে মঙলবাৰে ১৫ লাখ টকা মোক উৎকোচ দিয়াৰ উদ্দ্যেশ্যে আৰক্ষী অধীক্ষৰ বাসগৃহলৈ আহিছিল। আমি ইতিমধ্যে মন্নাছ আলীক আটক কৰিছো।’