পিংকু বৰা যোৰহাট, ১১ এপ্ৰিলঃ যোৰহাট জিলাত যান বাহন সমস্যা সমাধানত যান-বাহন আৰক্ষী শাখাই কিছু ব্যতিক্ৰমী কাৰ্য্যসূচী গ্ৰহণ কৰিছে৷ যান-বাহন শাখাৰ আৰক্ষী বিষয়া উৎপল দত্তৰ প্ৰচেষ্টাত জিলাখনত যান-বাহন জনিত সমস্যা সমাধানত গতিশীলতা লাভ কৰিছে৷ বিশেষকৈ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত উৎপল দত্তই যি পৰিকল্পনা তথা কাৰ্য্যসূচী গ্ৰহণ কৰিছে, সেই পৰিকল্পনা তথা কাৰ্য্যসূচী অনুসৰি জিলাখনে সৰ্বাধিক কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ দত্তৰ নেতৃত্বত থকা আৰক্ষী দলে যান-বাহন আইন ভঙ্গকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ ফলত প্ৰতি মাহে ৩ লাখৰ পৰা ৫ লাখ পৰ্যন্ত কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ বিগত বৰ্ষত যোৰহাট জিলাত দুচকীয়া আৰু চাৰি চকীয়া বাহন চালকসকলৰ হেমালিৰ ফলত বহুতো দুৰ্ঘটনা সংঘটিত হৈছিল৷ হেলমেট পৰিধান নকৰাকৈ আৰু গাড়ীৰ নথি-পত্ৰ নোহোৱাকৈ বাহন চলোৱাটো জিলাখনত এক ডাঙৰ সমস্যা  হৈ পৰিছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিতত দুৰ্ঘটনাগ্ৰস্ত হৈ বহুকেইজন আহত হোৱাৰ লগতে নিহতও হৈছিল৷ এনেদৰে আইনক ভেচুঙালি কৰি বাহন চলাচলৰ ফলত জিলাখনত পথচাৰীৰ জীৱনলৈ ভাবুকি  আহিছিল৷উৎপল দত্তৰ নেতৃত্বত যান-বাহন আৰক্ষীয়ে এই চালকসকলৰ ক্ষেত্ৰত সৰৱ ভূমিকা গ্ৰহণ কৰাৰ ফলত জিলাখনৰ যান-বাহন জনিত সমস্যা বহু হ্ৰাস পাইছে৷ তেওঁ যোৰহাটত যান-বাহন চলাচলৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে সুৰক্ষামূলক দিশসমূহৰ প্ৰতি কঠোৰ দৃষ্টি ৰাখিছে৷