নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩১ জানুৱাৰী : শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ২০২০বৰ্ষৰ সংসদৰ বাজেট অধিৱেশন । ৰাষ্ট্ৰপতিৰ অভিভাষণেৰে সদনৰ কাৰ্যসূচী আৰম্ভ হয়।

বাজেট অধিৱেশনৰ প্ৰথম চৰণ ১১ ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় চৰণ ২মাৰ্চৰ পৰা ৩এপ্ৰিললৈ চলিব। শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট।

অভিভাষণত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত প্ৰৱল প্ৰতিবাদৰ কাৰণ হৈ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে যিকোনো পন্থাৰ ব্যক্তিয়ে সংশোধিত নাগৰিকত্ব আইনৰ প্ৰক্ৰিয়াসমূহ পূৰ্ণ কৰি ভাৰতৰ নাগৰিক হ’ব পাৰে।

মই পাকিস্তানত সংখ্যলঘূসকলৰ ওপৰত হোৱা অত্যাচাৰক নিন্দা কৰো । মই সুখী যে সংসদৰ উভয় সদনে নাগৰিকত্ব সংশোধনী আইন আনি জাতিৰ পিতা মহাত্মা গান্ধীৰ ইচ্ছা পূৰ্ণ কৰিছে।এনেদৰেও অভিভাষণত মন্তব্য কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।