গুৱাহাটী, সংবাদ ৩৬৫, ১৪ মাৰ্চ : ক্ষমতাৰ বাবে অগপই সুবিধাবাদী ৰাজনীতি কৰিছে। ক্ষমতাৰ স্বাৰ্থত সকলো আদৰ্শ ত্যাগ কৰিছে অগপই। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। সংবাদমাধ্যমৰ আগত গগৈয়ে কয় যে জাতিক প্ৰতাৰণা কৰা এয়াই প্ৰথম। বদনকো চেৰ পেলাইছে অগপৰ তিনি মন্ত্ৰীয়ে। আৰ এছ এছ, মুখ্যমন্ত্ৰী , হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিৎ দাসে অগপৰ ধ্বংস যজ্ঞ পাতিছে বুলি মন্তব্য গগৈৰ। সকলোকে ১৫ লাখকৈ দিম, সংস্থাপন দিম বুলি একো নকৰিলে বিজেপি চৰকাৰে।‘আচ্ছে দিন’ৰ কথা এতিয়া মোদীয়ে নকয়।

সংবাদমেলত বিজেপিক সমালোচনা তৰুণ গগৈৰ। অসমৰ দুটাকৈ কাগজ কল ধ্বংস কৰিলে বিজেপিয়ে। বৰঝাৰ বিমানবন্দৰ প্ৰদান কৰিলে আদানীক। অসমৰ তৈলক্ষেত্ৰও ব্যক্তিগতকৰণ কৰিলে। কৃষক, যুৱক, মহিলাসকলে এতিয়া বিদ্ৰোহ কৰিছে। ছয় জনগোষ্ঠীৰ লগতে বড়োসকলক ঠগিলে বিজেপিয়ে। আমি সকলো জনগোষ্ঠীৰ বাবে কাম কৰিছিলো বুলিও মন্তব্য তৰুণ গগৈৰ। বিজেপিয়ে উপলব্ধি কৰিছে জিকিব নোৱাৰে, সেয়ে অগপৰ বোকোচাত উঠিছে। বিজেপিৰ অস্তিত্ব নাই, জোৰা–টাপলি মাৰি চলা দল।

কংগ্ৰেছৰ আদৰ্শ মহাত্মা গান্ধীৰ আদৰ্শ। ৰাহুল গান্ধীক এতিয়া সকলোৱে আদৰি লৈছে। বিজেপিৰ আদৰ্শ ব্ৰিটিছৰ দৰে সংঘাত, ভাগ ভাগ কৰা। বিজেপিয়ে জোৱানৰ ত্যাগক লৈ ৰাজনীতি কৰিছে। সব কা সাথ সবকা বিকাশ প্ৰমাণ কৰক বিজেপিয়ে। বিজেপিয়ে ছিণ্ডিকেটৰাজ আৰম্ভ কৰিছে। পদুম ফুলৰ মাজত এতিয়া টকা লুকাই ৰাখে । ৫ বছৰ মোদীয়ে মন কী বাত কৰিলে, এতিয়া কামৰ খতিয়ান দিয়ক । এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ।