গুৱাহাটী, সংবাদ ৩৬৫, ২০ জানুৱাৰীঃ আই এছ এলৰ কনিষ্ঠতম ফুটবলাৰ বাওৰিংদাও বডোছা পৰৱৰ্তী লক্ষ্য ইউৰোপীয়ান লীগ। শনিবাৰে অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছৰ সম্বৰ্ধনা গ্ৰহন কৰি এই কথা জনায় প্ৰতিভাৱান ফুটবলাৰ বাওৰিংদাও বডোছাই। মিনাৰভাৰ হৈ আই লীগত গ’লস্কৰ কৰা দেশৰ কনিষ্ঠতম ফুটবলাৰৰ কৃতিত্ব অৰ্জন কৰা বাওৰিংদায়ে ১৪, ১৬ বছৰৰ অনূৰ্ধ ভাৰতীয় দলৰহৈ খেলাৰ পিছত এতিয়া ১৯ বছৰৰ অনূৰ্ধ ভাৰতীয় দলৰ হৈ খেলি আছে। হাফলঙৰ পৰা এশ কিলোমিটাৰ নিলগৰ দিদামৰা গাওত জম্মগ্ৰহন কৰা বাওৰিংদাও য়ে ভাৰতীয় ছিনিয়ৰ দলৰহৈয়ো খেলি অসমলৈ সুনাম কঢ়িয়াই আনিব বিচাৰে। আজিৰ পৰা দহ বছৰ পূৰ্বে যিসময়ত ডিমা হাছাওত ডিএইছডি জুৱেল গোটৰ উগ্ৰপন্থী কাৰ্য্যকলাপ তীব্ৰতৰ আছিল, সেই সময়তে হাতত ফুটবললৈ নিতৌ অনুশীলন চলোৱা বাওৰিংদাও বডোছাই সম্প্ৰতি আই এছ এলৰ চেন্নাইন এফ চিৰ হৈ খেলি আছে। অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শনিবাৰৰ গাম্ভিজ্ঞপূৰ্ণ অনুষ্ঠানত ৰাজ্য চৰকাৰৰহৈ উপস্থিত আছিল বোকাজান সমষ্টিৰ বিজেপি বিধায়ক ডা: নোমল মমিন, ব্যতিক্ৰমৰ মুৰব্বী সোমেন ভাৰাতীয়া, বিশিষ্ট ক্ৰীড়া সংগঠক বিষ্ণু ৰাম নুনিছা আৰু অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্টৰ সভাপতি জয়ন্ত দাস। শনিবাৰৰ সভাখনত ৰাজ্য চৰকাৰৰ পৰা প্ৰতিভাবান ফুটবলৰ গৰাকীক সকলো ধৰনৰ সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে বিধায়ক ডা: নোমল মমিনে। ব্যতিক্ৰমৰ সোমেন ভাৰাতীয়ায়ো বাওৰিংদাও লৈ দহ হাজাৰ টকা পুৰস্কাৰ হিচাপে আগবঢ়ায়। একেটা অনুষ্ঠানতে ৰোলবলত ভাৰতীয় দলৰহৈ খেলি ছাফ গেমছত স্বৰ্ণ পদক অৰ্জন কৰা বি এ কাৰ্গিলকো সম্বৰ্ধনা জনোৱা হয়।