অনলাইন ডেস্ক, সংবাদ ৩৬৫, ৯ মাৰ্চ: শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ে ইচ্ছামৃত্যুক লৈ এক ইতিহাসক ৰায়দান প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ে কিছুমান চৰ্তৰ বৃত্তিত ভাৰতবাসীক ইচ্ছামৃত্যুৰ অধিকাৰ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সদস্যৰ ডিভিছন বেঞ্চে শুক্ৰবাৰে ইচ্ছামৃত্যুৰ অধিকাৰৰ ৰায়দান প্ৰদান কৰি এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰক উপযুক্ত আইন প্ৰণয়ন কৰাৰ নিৰ্দেশ দিয়ে। কেন্দ্ৰ চৰকাৰে এই ক্ষেত্ৰ আইন প্ৰণয়ন নৰকা পৰ্যন্ত উচ্চতম ন্যায়ালয়ৰ চৰ্ত অনুসৰি দেশবাসীয়ে এই অধিকাৰ পাব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে ইচ্ছামৃত্যু বিচাৰি প্ৰশাসনৰক আবেদন জনাইছিল। এটা ক্ষেত্ৰত বেচৰকাৰী সন্থা এটাও উচ্চতম ন্যায়ালয়ত আৱেদন কৰিছিল। ভাৰতীয় সংবিধান অনুসৰি আত্মহত্যা অপৰাধ আৰু ইচ্ছামৃত্যুৰ ক্ষেত্ৰতো দেশত কোনো আইন নাই।