গুৱাহাটী, সংবাদ ৩৬৫, ১৯ এপ্ৰিল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশত ৩ মে’ পৰ্যন্ত লকডাউনৰ সময়সীমা বৃদ্ধি কৰি দিয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে দিছে এক বিশেষ নিৰ্দেশনা। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি দেশত লকডাউন চলি থকা সময়ত কোনো লোকে অনলাইনৰ পৰা ক্ৰয় কৰিব নোৱাৰিব কোনো সামগ্ৰী।

সমগ্ৰ বিশ্বতে মাৰাত্মক কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস ব্যাপক ৰূপত বৃদ্ধি পাইছে। বিশ্বৰ অন্যান্য দেশ সমূহৰ লগতে ভাৰততো বহু লোক মাৰাত্মক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱাৰ লগতে মৃত্যুক আঁকোৱালি লৈছে ৫০০ কৈও অধিক লোকে। বিশ্বৰ চিকিৎসা বিজ্ঞান মাৰাত্মক কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱনৰ বাবে দিন-নিশাই ব্যস্ত হৈ থকাৰ সময়তে ভাৰততো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তৰফৰ পৰা পোন প্ৰথমে ১৪ এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছিল লকডাউন। ইয়াৰ পিছতে ক্ৰমান্বয়ে পৰিস্থিতি কিছু বেয়াৰ দিশে ঢাল খোৱাৰ ফলত পুনৰ ৩ মে’ লৈ বৃদ্ধি কৰা হৈছিল লকডাউনৰ সময়সীমা। দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি থকা সময়তে দেশৰ গৃহমন্ত্ৰালয়ে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা।কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি লকডাউন চলি থকা সময়ছোৱাত ভাৰতৰ জনসাধাৰণে অনলাইনৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ই-কমাৰ্চ কোম্পানীৰ সামগ্ৰী। অৰ্থাৎ আমাজন, ফ্লিপকাৰ্ট আদিৰ পৰা কোনো লোকে ক্ৰয় কৰিব নোৱাৰিব টিভি, মোবাইল, ফ্ৰীজ, এচি আদিৰ দৰে অনা-অত্যাৱশ্যকীয় সামগ্ৰী।