ছৰফৰাজ খান

গুৱাহাটী 

২১ আগষ্ট

ইছলাম ধৰ্মীয় লোক সকলক কৱৰস্থ কৰা গুৱাহাটীৰ এখন কৱৰস্থানত কৱৰস্থ কৰা হ’ল খ্ৰীষ্টিয়ান ধৰ্মৰ লোকক। কভিড আক্রান্ত হৈ মৃত্যু বৰণ কৰা খ্ৰীষ্টিয়ান ধৰ্মৰ লোকে ঠাই পালে ৪০০ বছৰ পুৰণি অসমৰ বৃহৎ কৱৰস্থানখনত।

অসমত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰাৰ প্ৰথম অৱস্থাত চৰ্চা লৈ অহা গুৱাহাটীৰ এখন কৱৰস্থান পুনৰ চৰ্চালৈ আহিছে। কৰ’ণা ভাইৰাছত আক্রান্ত এজন লোকে এই কৱৰস্থানখনত এক ধৰ্মীয় সভাত অংশগ্ৰহন কৰাৰ পিছতে প্ৰশাসনে কন্টাইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল কৱৰস্থানখন। এইবাৰ পুনৰ কৰ’ণা ভাইৰাছৰ বাবেই চৰ্চালৈ আহিছে কৱৰস্থানখন। মহানগৰী গুৱাহাটীৰ আঠগাঁও কৱৰস্থান সমিতিয়ে কভিড আক্রান্ত হৈ মৃত্যু বৰণ কৰা দুটাকৈ খ্ৰীষ্টিয়ান ধৰ্মৰ লোকৰ মৃতদেহ আঠগাঁও কৱৰস্থানত কৱৰস্থ কৰি দাঙি ধৰিছে ধৰ্মীয় উদাৰতাৰ এক উৎকৃষ্ট নিদৰ্শন।

আঠগাঁও কৱৰস্থানৰ সম্পাদক মহম্মদ মূৰ্তজাই জানিবলৈ দিয়ে যে যোৱা ৩০ জুলাই তাৰিখে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কভিড আক্রান্ত এজন লোকৰ মৃত্যু হোৱাত মৃত লোক জনৰ পৰিয়াল লোক আঠগাঁও কৱৰস্থান সমিতিৰ কাষ চাপিছিল লোক জনক আঠগাঁও কৱৰস্থানত কৱৰস্থ কৰাৰ বাবে। পৰৱৰ্তী সময়ত আঠগাঁও কৱৰস্থান সমিতিয়ে জিলা প্ৰশাসনৰ অনুমতি আৰু আও বেপিষ্ট চাৰ্চৰ অনুমতিৰ ভিত্তিত নাগালেণ্ডৰ কভিড আক্রান্ত মৃত লোকজনক আঠগাঁও কৱৰস্থানত কৱৰস্থ কৰে। নাগালেণ্ডৰ লোকজনক আঠগাঁও কৱৰস্থানত কৱৰস্থ কৰাৰ পিছত কভিডত আক্রান্ত হৈ গুৱাহাটীত মৃত্যু হোৱা অৰুণাচল প্ৰদেশৰ অন্য এটা খ্ৰীষ্টিয়ান ধৰ্মীয় পৰিয়াল ৬ মহীয়া শিশুক যোৱা ৩ আগষ্টত আঠগাঁও কৱৰস্থানত কৱৰস্থ কৰা হয়।

আঠগাঁও কৱৰস্থানৰ সম্পাদক মহম্মদ মূৰ্তজাই লগতে কয় যে কভিড আক্রান্ত হৈ মৃত্যু হোৱাৰ বাবেই চাগে মৃত অৰুণাচল প্ৰদেশৰ শিশুটি আৰু নাগালেণ্ডৰ লোকজনক অন্য কৱৰস্থানত কৱৰস্থ কৰিবলৈ দিয়া নহ’ল আৰু তেওঁলোকে মৃতদেহ সৎকাৰৰ বাবে আঠগাঁও কৱৰস্থান সমিতিৰ কাষ চাপিব লগীয়া হ’ল? এই সম্পৰ্কে সংবাদ ৩৬৫ৰ ফালৰ পৰা নাগালেণ্ডৰ পৰিয়ালটোৰ লগত যোগাযোগ কৰা হৈছিল যদিও পৰিয়ালটোৱে কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰে বুলি জানিবলৈ দিয়ে। আঠগাঁও কৱৰস্থানৰ সম্পাদক গৰাকীয়ে লগতে কয় যে কভিড আক্রান্ত হৈ মৃত্যু বৰণ কৰা যিকোনো ধৰ্মৰ মানুহৰ মৃতদেহ সৎকাৰৰ বাবে আঠগাঁও কৱৰস্থানত পৰ্যাপ্ত ঠাই আছে আৰু এইক্ষেত্ৰত আঠগাঁও কৱৰস্থানৰ দুৱাৰ সকলো সময়তে সকলোৰে বাবে খোলা আছে।

উল্লেখ্য যে ৪০০ বছৰ পুৰণি আৰু ৫০ বিঘা ভূমিত গুৱাহাটীৰ মাজ মজিয়াত থকা অসমৰ বৃহৎ কৱৰস্থান আঠগাঁও কৱৰস্থানখনত বাতৰি লিখা দিনটোলৈকে মুঠ ৪৩ গৰাকী কভিড আক্রান্ত হৈ মৃত্যু বৰণ কৰা লোকক কৱৰস্থ কৰা হৈছে। কভিড আক্রান্ত হৈ মৃত্যু বৰণ কৰা এই ৪৩ গৰাকী লোকৰ ভিতৰত মিজোৰাম আৰু মণিপুৰৰ লগতে অসমৰ বিভিন্ন ঠাইৰ লোক আছে। যোৱা ৯ জুনত কভিডত আক্রান্ত হৈ হোজাইৰ এজন যুৱকৰ গুৱাহাটীত মৃত্যু হৈছিল। ১৫ জুন কামৰূপ মহানগৰ জিলা প্ৰশাসনে যুৱক জনক আঠগাঁও কৱৰস্থানত কৱৰস্থ কৰাৰ বাবে আঠগাঁও কৱৰস্থান সমিতিৰ কাষ চাপিছিল আৰু ১৬ জুনত আঠগাঁও কৱৰস্থানত কৱৰস্থ কৰা হোজাইৰ যুৱকজন আছিল আঠগাঁও কৱৰস্থানত কৱৰস্থ কৰা প্ৰথনজন কভিড আক্রান্ত হৈ মৃত্যু হোৱা লোক।