নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ এপ্ৰিল : বুধবাৰে বিশিষ্ট অভিনেতা ইৰফান খানৰ মৃত্যুৰ শোকৰ ছাঁৰ মাজতে বৃহস্পতিবাৰে মৃত্যু ঘটিল অন্য এগৰাকী বিশিষ্ট অভেনেতাৰ। কপুৰ পৰিয়ালৰ এইগৰাকী বিশিষ্ট অভিনেতাৰ মৃত্যুৰ খবৰত চকু সেমেকিছে বলিউডৰ ৰথী-মহাৰথীৰ। বলিউডৰ মহানায়ক অমিতাভ বচ্চনে প্ৰকাশ কৰিলে বিশিষ্ট অভিনেতা ঋষি কপুৰৰ মৃত্যুৰ বাতৰি।

বুধবাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ছবিত নিজৰ অভিনয়ৰ জৰিয়তে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা বিশিষ্ট অভিনেতা ইৰফান খানৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ দেশতে শোকৰ ছাঁ বিস্তাৰ কৰিছিল। ইয়াৰ মাজতে বৃহস্পতিবাৰে হিন্দী ছবি জগতৰ অন্যতম বিশিষ্ট অভিনেতা ঋষি কপুৰৰ মৃত্যুৰ খবৰত চকু সেমেকিছে বলিউডৰ ৰথী-মহাৰথীৰ। ৬৭ বছৰীয়া অভিনেতা ঋষি কপুৰ বিগত কিছুদিন ধৰি কৰ্কট ৰোগত আক্রান্ত হৈ আছিল। মুম্বাইৰ এইচ এন ৰিলায়েঞ্চ হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতা গৰাকী। চিকিৎসাধীন অৱস্থাত অভিনেতা ঋষি কপুৰৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক আইচিইউত ৰখা হৈছিল যদিও বৃহস্পতিবাৰে অভিনেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

বহু চুপাৰ হিট ছবিত অভিনয় কৰা ঋষি কপুৰৰ মৃত্যুৰ বাতৰিৰ খবৰ পাই তেওঁৰ অনুৰাগী সকলে বিভিন্ন সামাজিক মাধ্যমত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মহানায়ক অমিতাভ বচ্চনেও টুইটাৰ অভিনেতা ঋষি কপুৰৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰি শোকত ভাঙি পৰিছে।